প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৰুৱালে যুঁজাৰু বিমান তেজস, পাক–চীনৰ ঠাণ্ডাৰবাৰ্ডতকৈ শক্তিশালী এই তেজস

ভাৰতীয় বায়ুসেনাৰ ৪৫ স্কোৱাড্ৰন ‘ফ্লাইং ড্ৰেগৰ্ছ’ৰ অংশ যুঁজাৰু বিমান তেজস।

News18-Assam
Updated:September 19, 2019, 11:03 AM IST
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উৰুৱালে যুঁজাৰু বিমান তেজস, পাক–চীনৰ ঠাণ্ডাৰবাৰ্ডতকৈ শক্তিশালী এই তেজস
ভাৰতীয় বায়ুসেনাৰ ৪৫ স্কোৱাড্ৰন ‘ফ্লাইং ড্ৰেগৰ্ছ’ৰ অংশ যুঁজাৰু বিমান তেজস।
News18-Assam
Updated: September 19, 2019, 11:03 AM IST
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে দেশীয় যুঁজাৰু বিমান উৰুৱাই ৰচিলে ইতিহাস। প্ৰথমবাৰলৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে উৰুৱালে দেশীয় যুঁজাৰু বিমান তেজস। প্ৰায় ৩০ মিনিট সময় তেজস বিমানৰ আসনত থাকিল ৰাজনাথ সিং। ৩ বছৰ পূৰ্বে ভাৰতীয় বায়ুসেনাৰ অন্তৰ্ভুক্ত হৈছিল যুঁজাৰু বিমান তেজস।

ভাৰতীয় বায়ুসেনাৰ ৪৫ স্কোৱাড্ৰন ‘ফ্লাইং ড্ৰেগৰ্ছ’ৰ অংশ যুঁজাৰু বিমান তেজস। এই যুঁজাৰু বিমানখন ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে হিন্দুস্তান এৰ’নেটিক্ছ লিমিটেড আৰু এৰ’নেটিকেল ডেভেল’মেণ্ট এজেন্সীয়ে। DRDO–এ চলিত বৰ্ষৰ ২১ ফেব্ৰুৱাৰীত বেংগালুৰুত অনুষ্ঠিত এয়াৰ শ্ব’ত তেজসক ফাইনেল অপাৰেচন ক্লিয়াৰেন্স প্ৰদান কৰিছিল।

পাকিস্তান আৰু চীনৰ যৌথ উদ্যোগত নিৰ্মিত ঠাণ্ডাৰবাৰ্ডতকৈ কেইবাগুণে শক্তিশালী তেজস। হিন্দুস্তান এৰ’নেটিক্ছ লিমিটেডৰ দ্বাৰা নিৰ্মিত এই বিমানখনৰ আনুষ্ঠানিক নাম ‘তেজস’ দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। সংস্কৃতৰ পৰা লোৱা হৈছে এই নাম। ইয়াৰ অৰ্থ হৈছে অত্যধিক শক্তিশালী।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি