• Home
  • »
  • News
  • »
  • nation
  • »
  • Defence Minister Rajnath Singh: ‘অগ্নিপথে সেনা নিয়োগত বৈপ্লৱিক পৰিৱৰ্তন আনিব’ – প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

Defence Minister Rajnath Singh: ‘অগ্নিপথে সেনা নিয়োগত বৈপ্লৱিক পৰিৱৰ্তন আনিব’ – প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (File Photo)

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (File Photo)

৭৫ শতাংশ নিয়োগকাৰী, ‘যিসকলৰ ‘অগ্নিবীৰ’ হিচাপে ম্যাদ চাৰি বছৰৰ পিছত শেষ হ’ব তেওঁলোকৰ বাবে চৰকাৰে কেতবোৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰে ৰাজনাথ সিঙে।

  • Share this:
বছৰ অগ্নিপথ সামৰিক নিয়োগ আঁচনিৰ পৰ্যালোচনা চলাব চৰকাৰে আৰু যদি কোনো ত্ৰুটি বা প্ৰত্যাহ্বান দেখা দিয়ে তেন্তে তাৰ মোকাবিলা কৰা হ’ব। শনিবাৰে এই মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে জনাইছে, মূল ষ্টেকহোল্ডাৰসকলৰ সৈতে প্ৰায় দুবছৰ বিস্তৃত আলোচনাৰ পিছত এই আঁচনি চূড়ান্ত কৰা হয়। নতুন নিয়োগ মডেলটোক ‘পৰিৱৰ্তনমূলক’ হিচাপে বৰ্ণনা কৰে তেওঁ।

১৪ জুনত ঘোষণা কৰা এই আঁচনিত কোৱা হৈছে, ১৭ৰ পৰা ২১ বছৰ বয়সৰ যুৱকসকলক সেনা বাহিনীত মাত্ৰ চাৰি বছৰৰ বাবে নিয়োগ কৰা হ’ব। তেওঁলোকৰ মাজত মাত্ৰ ২৫ শতাংশক আৰু ১৫ বছৰৰ বাবে নিয়োগ কৰা হ’ব। ২০২২ৰ বাবে, বয়সৰ ঊৰ্ধ্বসীমা বঢ়াই ২৩ বছৰ কৰা হৈছে। ভাৰতৰ কেতবোৰ স্থানত এই আঁচনিৰ বিৰুদ্ধে হিংসাত্মক বিক্ষোভ দেখা গৈছে। ৭৫ শতাংশ প্ৰাৰ্থীৰ চাকৰিৰ গেৰাণ্টি নথকাত এই আঁচনি প্ৰত্যাহ্বানৰৰ দাবী উঠিছে।

‘‘এই আঁচনি বাস্তৱায়িত হওক। আমি প্ৰতি বছৰে ইয়াৰ পৰ্যালোচনা কৰি থাকিম আৰু যদি আমি কোনো ত্ৰুটি বা প্ৰত্যাহ্বান বিচাৰি পাওঁ, সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰিম। এয়া আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি,’’ ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু কয়, এই আঁচনিখনে সশস্ত্ৰ বাহিনীৰ নিয়োগ প্ৰক্ৰিয়াত বৈপ্লৱিক পৰিৱৰ্তন আনিব।

৭৫ শতাংশ নিয়োগকাৰী, ‘যিসকলৰ ‘অগ্নিবীৰ’ হিচাপে ম্যাদ চাৰি বছৰৰ পিছত শেষ হ’ব তেওঁলোকৰ বাবে চৰকাৰে কেতবোৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰে ৰাজনাথ সিঙে। ‘‘যেতিয়াই কোনো নতুন পৰিকল্পনা আহে, মানুহৰ মনত তাক লৈ কিছু আশংকা থাকে। আমি কোৱা নাই যে কোনো আশংকা থকা উচিত নহয়... কিন্তু আমি ইতিমধ্যে এই সকলো আশংকাক লৈ আলোচনা কৰিছো আৰু যি প্ৰত্যাহ্বান উত্থাপিত হ’ব পাৰে তাৰ মোকাবিলা কৰা হ’ব।’’ – ক’লে ৰাজনাথ সিঙে।

মঙলবাৰে তিনি সেনা বাহিনীৰ মুৰব্বীয়ে পৃথকে পৃথকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰি এই আঁচনি বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকৰ পৰিকল্পনা সম্পৰ্কে অৱগত কৰায়। অগ্নিপথ আঁচনিৰ অধীনত, সশস্ত্ৰ বাহিনীয়ে এই বছৰত ৪৬,০০০ সেনা নিয়োগৰ পৰিকল্পনা কৰিছে আৰু আগন্তুক বছৰসমূহত এই সংখ্যা বাঢ়িব।
Published by:Sanjay Kumar Das
First published: