প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু চীনৰ সীমান্ত সংঘাত কূটনৈতিক কৌশলেৰে সমাধান কৰাৰ পোষকতা কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু চীনৰ সীমান্ত সংঘাত কূটনৈতিক কৌশলেৰে সমাধান কৰাৰ পোষকতা কৰিছে।
দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ঝাৰখণ্ডৰ পৰা ১১খন বিশেষ ৰে’লত এক হাজাৰৰো অধিক শ্ৰমিকক জম্মু আৰু চণ্ডীগড়লৈ লৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। হিন্দুস্তান টাইমছত আজি প্ৰকাশ পোৱা বাতৰি অনুসৰি, এইসকল শ্ৰমিকক এই দুই স্থানৰ পৰা চীন সীমান্তলৈ প্ৰেৰণ কৰা হ’ব য’ত তেওঁলোকক পথ নিৰ্মাণৰ কামত নিয়োজিত কৰা হ’ব। চীনা আৰু ভাৰতীয় সেনাই লাডাখ সীমান্তৰ Line of Actual Controlৰ চাৰি স্থানত যুদ্ধবাজৰ সামৰিক কুচকাৱাজ চলাই থকাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এই প্ৰস্তাৱে তাৎপৰ্য বহন কৰিছে।
নাম প্ৰকাশত অনিচ্ছুক এগৰাকী প্ৰতিৰক্ষা বিষয়াই ইংৰাজী দৈনিকখনক জনোৱা মতে, সীমান্তত সৃষ্টি হোৱা মতানৈক্যৰ ফলত পথ নির্মাণৰ কাম বন্ধ কৰা নহয়; আনহাতে লাডাখ সীমান্তত দাৰবুক-চিওক-ডাউলেট বেগ অলদি পথৰ কাম চলি আছে। আন এজন বিষয়াই জনোৱা মতে, ১১খন ৰে’লত ১১৮১৫ জন শ্ৰমিকক লাডাখ, জম্মু–কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ চীন সীমান্তলৈ লৈ যোৱা হ’ব য’ত তেওঁলোকক Border Road Organizationৰ দ্বাৰা চলি থকা পথ নিৰ্মাণৰ কামত নিয়োজিত কৰা হ’ব।
আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰত আৰু চীনৰ সীমান্ত সংঘাত কূটনৈতিক কৌশলেৰে সমাধান কৰাৰ পোষকতা কৰিছে। ৰাজনাথ সিঙে সদৰি কৰা মতে, দুইখন দেশৰ মাজত সৃষ্টি হোৱা সংঘাত সামৰিক আৰু কূটনৈতিক আলোচনাৰে সমাধান কৰা হ’ব আৰু সেই আলোচনা দুই পক্ষৰ মাজত চলি আছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|