প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথসিঙে সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে পেৰিছত। এই ভ্ৰমণৰ সময়ছোৱাত ৩৬খন ৰাফেল জেট বিমানৰ প্ৰথমখন বিমান চমজি ল’ব ৰাজনাথ সিঙে। আজি ৰাফেল বিমানৰ আসনতো বহিব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী। ইয়াৰ পূৰ্বে ৰাজনাথ সিঙে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰ’ৰ সৈতে বৈঠকত মিলিত হ’ব। এই বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তাক লৈ আলোচনাৰ কৰাৰ সম্ভাৱনা আছে।
ৰাজনাথ সিঙে সোমবাৰে পেৰিছত উপস্থিত হৈ টুইটযোগে প্ৰকাশ কৰে – ‘ফ্ৰান্সত উপস্থিত হৈ আনন্দিত। এই মহান দেশখন ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক সহযোগী আৰু আমাৰ বিশেষ সম্বন্ধ আনুষ্ঠানিক সম্বন্ধৰ ক্ষেত্ৰতকৈ অধিক। মোৰ ফ্ৰান্স যাত্ৰাৰ লক্ষ্য দুয়োখন দেশৰ মাজত সামৰিক বুজাপৰাৰ বিকাশ ঘটোৱা।
ইয়াৰ পিছতে ৰাজনাথ সিঙে বৰ্ড’ক্সলৈ যাব আৰু তাত এক কাৰ্যসূচীত প্ৰথমখন ৰাফেল বিমান চমজি ল’ব। এই কাৰ্যসূচীত ৰাফেল জেট নিৰ্মাতা Dassualt Aviationৰ শীৰ্ষ বিষয়াও উপস্থিত থাকিব। বিষয়াসকলৰ মতে জেট বিমান চমজি লোৱাৰ পিছত ৰাজনাথ সিঙে শস্ত্ৰ পূজা কৰিব আৰু তাৰ পিছত বিমানৰ আসনত বহিব।
ৰাফেল জেট বিমান ভাৰতৰ হাতত গতোৱাৰ কাৰ্যসূচী বৰ্ড’ক্সৰ মেৰীগনেকত Dassualt Aviationৰ চৌহদত হ’ব। এই স্থান পেৰিছৰ পৰা প্ৰায় ৫৯০ কিলোমিটাৰ নিলগত। মঙলবাৰে ৩৬খন ৰাফেল জেট বিমানৰ প্ৰথমখন বিমান ৰাজনাথ সিঙে চমজি ল’ব যদিও প্ৰথম চাৰিখন বিমান মে’ মাহৰ ভিতৰত ভাৰত আহি পাব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 08, 2019, 08:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|