• Home
  • »
  • News
  • »
  • nation
  • »
  • Cyclone Takutae: উভালি পৰা গছক সাৱটি, বৰষুণত তিতি উদ্দাম নৃত্য জনপ্ৰিয় অভিনেত্ৰীৰ, ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ'ল

Cyclone Takutae: উভালি পৰা গছক সাৱটি, বৰষুণত তিতি উদ্দাম নৃত্য জনপ্ৰিয় অভিনেত্ৰীৰ, ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ'ল

ঘূৰ্ণীবতাহ তাউতেৰ ধ্বংসলীলাৰ পিছতেই উভালি পৰা গছৰ সন্মুখত নৃত্য কৰা ভিডিঅ' আৰু ফটো শ্বেয়াৰ কৰি ছ'চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন ?

  • Share this:
অতিমাৰী কোৰোণাৰ সংহাৰৰ মাজতে চলা ঘূৰ্ণীবতাহ তাউতেৰ তাণ্ডৱে ধ্বংসলীলা চলাই গৈছে মায়ানগৰী মুম্বাইকে আদি কৰি কেইবাখনো ৰাজ্যত। ৰাজ্যকেইখনৰ উপকূলীয় অঞ্চলসমূহ ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে বহুলোকে সাৱটিছে অকাল মৃত্যু । কিন্তু তেনে সময়তে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা সিঙে কৰা এক অদ্ভুত কাণ্ডই আচৰিত কৰি তুলিছে তেওঁৰ অনুৰাগীৰ লগতে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীক ।

মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলসমূহত ঘূৰ্ণীবতাহ তাউতে ধ্বংসলীলা চলাই যোৱাৰ পিছতেই বতাহত উভালি পৰা গছৰ সন্মুখত বৰষুণত তিতি নৃত্য কৰাৰ লগতে গছৰ মাজত সোমাই ফটো শ্বুট কৰিছিল দীপিকাই। আৰু আপলোড কৰিছিল ছচিয়েল মিডিয়াত।

আৰু অভিনেত্ৰীগৰাকীৰ নৃত্যৰ ভিডিও ভাইৰোল হোৱাৰ পিছতে সৰ্বত্ৰ ব্যাপক ট্ৰ'লৰ সন্মুখীন হয়।অনুৰাগীয়ে দীপিকাৰ এনে কৰ্মকাণ্ডক সমালোচনা কৰি কয় যে, "কোৰোণাৰ লগতে ঘূৰ্ণীবতাহৰ কৱলত পৰি একাংশই মৃত্যুৰ সৈতে যুঁজি আছে,আৰু আপুনি ব্যস্ত নৃত্যত।"
Published by:Himangshu Bhuyan
First published: