নতুন দিল্লীত উপস্থিত হোৱা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কেম্পাছত দুদিন পূৰ্বে শিক্ষাৰ্থীৰ ওপৰত হোৱা আক্ৰমণ হোৱাৰ পিছত কেইবাগৰাকীও বলিউড তাৰকাই ছাত্ৰসমাজক সমৰ্থন জনাইছে। ইয়াৰ মাজতে ‘ছপাক’ৰ প্ৰম’চনৰ কাৰণে দিল্লীত থকা দীপিকা পাডুকনে জেএনইউত উপস্থিত হোৱাক লৈ ছচিয়েল মিডিয়া তোলপাৰ হয়।
দীপিকাই ছাত্ৰ–ছাত্ৰীসকলৰ সাক্ষাৎ কৰে। এই সময়ছোৱাত কানহায়া কুমাৰে সমবেত ছাত্ৰ–ছাত্ৰীসকলৰ আগত বিভিন্ন শ্ল’গান দি প্ৰতিবাদমুখৰ পৰিৱেশ গঢ়ি তোলে।
অভিনেত্ৰীগৰাকী জেএনইউ কেম্পাছত প্ৰায় ১০মিনিট সময় ৰয়। তেওঁ জেএনইউৰ ছাত্ৰ নেত্ৰী ঐশী ঘোষকো সাক্ষাৎ কৰে। এই সময়খিনিত জেএনইউৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি কানহায়া কুমাৰো উপস্থিত আছিল। দীপিকা পাডুকনে ছাত্ৰসকলৰ উদ্দেশ্যি অৱশ্যে কোনো ধৰণৰ ভাষণ নিদিয়ে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বলিউড তাৰকা অজয় দেৱগনে মঙলবাৰে কৈছিল যে হিংসা কোনো সমস্যাৰ সমাধান নহয়। তেওঁ জেএনইউৰ হিংসাত্মক ঘটনাক লৈ খেদ প্ৰকাশ কৰিছিল। লগতে তেওঁ কয় যে, এইক্ষেত্ৰত কোন দায়ী সেই কথা পৰস্পৰবিৰোধী ব্যক্তব্যৰ কাৰণে জানিব পৰা হোৱা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|