உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • চাৰিজন প্ৰেমিকক এৰি অৱশেষত ৰণবীৰ সিঙৰ সৈতে কিয় বিয়া হ’ল দীপিকা? জানক সঁচা কাহিনী!

    চাৰিজন প্ৰেমিকক এৰি অৱশেষত ৰণবীৰ সিঙৰ সৈতে কিয় বিয়া হ’ল দীপিকা? জানক সঁচা কাহিনী!

    ৰণবীৰ সিঙৰ এনে কি আছিল, যাৰ বাবে তেওঁৰ সৈতে বিয়াত বহিল!

    ৰণবীৰ সিঙৰ এনে কি আছিল, যাৰ বাবে তেওঁৰ সৈতে বিয়াত বহিল!

    ৰণবীৰ সিঙৰ এনে কি আছিল, যাৰ বাবে তেওঁৰ সৈতে বিয়াত বহিল!

    • Share this:
    ৰণবীৰ সিং আৰু দীপিকা পাডুকণ দীৰ্ঘ সময় ধৰি ডেট কৰাৰ পিছত বিয়াত বহিছে। সাত বছৰ প্ৰেম কৰাৰ পিছত ৰণবীৰ সিঙৰ সৈতে বিয়াত বহে দীপিকা। ইয়াৰ পূৰ্বে ৰণবীৰ কাপুৰ, সিদ্ধাৰ্থ মালিয়া, যুৱৰাজ সিং, নিহাৰ পাণ্ডেৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দীপিকাৰ। কিন্তু এই সকলো সম্পৰ্ক বেছিদিন নিটিকিল। কিন্তু ৰণবীৰ সিঙৰ ক্ষেত্ৰত সলনি হ’ল সকলো হিচাপ। সাত বছৰ প্ৰেম কৰাৰ পিছত বিয়া। বৈবাহিক জীৱনত সুখী দুয়ো।

    কিন্তু ৰণবীৰ সিঙৰ এনে কি আছিল, যাৰ বাবে তেওঁৰ সৈতে বিয়াত বহিল! এই কথা স্পষ্ট কৰিছে দীপিকাই নিজেই। সম্প্ৰতি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে দীপিকাৰ এটা পুৰণি সাক্ষাৎকাৰৰ ভিডিঅ’ ক্লিপ। সেই ভিডিঅ’টোত এই সন্দৰ্ভত স্পষ্ট কৰি দিছিল দীপিকাই।



    দীপিকাই কয়, ‘ৰণবীৰ সকলোতকৈ পৃথক। তেওঁৰ সৈতে বিয়া হোৱাৰ বহু কাৰণ আছে। তেওঁ জানে কাক কেনেকৈ সন্মান কৰিব লাগে। তেওঁ মোৰ কাম, টকা সকলোকে সন্মান কৰে। আজি হয়তো ৰণবীৰে নাম কৰিছে। কিন্তু সাত বছৰ পূৰ্বে যেতিয়া তেওঁৰ সৈতে ডেট কৰিছিলো, তেতিয়া তেওঁৰ একো নাছিল। কিন্তু সেই সময়ত মই জনপ্ৰিয় অভিনেত্ৰী আছিলো। তেতিয়াৰে পৰা দেখিছো তেওঁ মোক আৰু মোৰ কামক কিমান সন্মান কৰে। তেওঁৰ কাম নাই, মোৰ আছে, কিন্তু বিন্দুমাত্ৰাও জ্বলন হোৱা নাছিল তেওঁৰ। বৰং প্ৰতি মুহূৰ্ততে মোক উৎসাহিত কৰিছে। আনকি বিয়াৰ পিছতো মই বহুদিন ঘৰত থকা নাই, তেতিয়াও কিন্তু তেওঁ মোক সমৰ্থন কৰিছে। ৰণবীৰ ভাল মানুহ। সেয়েহে তেওঁৰ সৈতে মই বিয়া হৈছো।’
    Published by:Sanjay Kumar Das
    First published: