মুখ্যপৃষ্ঠা »খবৰ »দেশ »JNUলৈ যোৱাৰ পিছতে ধাৰাসাৰ ট্ৰ’ল দীপিকা পাডুকনক, এচামে খুচৰি উলিয়ালে ৰাহুল গান্ধীক প্ৰশংসা কৰা পুৰণি ভিডিও

JNUলৈ যোৱাৰ পিছতে ধাৰাসাৰ ট্ৰ’ল দীপিকা পাডুকনক, এচামে খুচৰি উলিয়ালে ৰাহুল গান্ধীক প্ৰশংসা কৰা পুৰণি ভিডিও

জেএনইউৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত কাষত থিয় হোৱাৰ পিছতে ছচিয়েল মিডিয়াত বেয়াকৈ ট্ৰ’ল হৈছে দীপিকা পাডুকন। 

জেএনইউৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত কাষত থিয় হোৱাৰ পিছতে ছচিয়েল মিডিয়াত বেয়াকৈ ট্ৰ’ল হৈছে দীপিকা পাডুকন। 

জেএনইউৰ ছাত্ৰ–ছাত্ৰীৰ প্ৰতিবাদৰ সময়ত কাষত থিয় হোৱাৰ পিছতে ছচিয়েল মিডিয়াত বেয়াকৈ ট্ৰ’ল হৈছে দীপিকা পাডুকন। 

  • Share this:
বলিউড অভিনেত্ৰী দীপিকা পাডুকনে এই কেইদিন নিজৰ আহিবলগীয়া ছবি ‘ছপাক’ৰ প্ৰম’শ্যনত ব্যস্ত হৈ আছে। ইয়াৰ মাজতে মঙলবাৰে ৰাতি জেএনইউৰ প্ৰতিবাদত অভিনেত্ৰীগৰাকী উপস্থিত হোৱাৰ পিছতে টুইটাৰত বহুতৰ ক্ষোভৰ সন্মুখীন হৈছে দীপিকা। বহুতেই অভিনেত্ৰীগৰাকীৰ ছবি ‘ছপাক’ বৰ্জন কৰাৰ কাৰণে ‘Boycott Chhapaak' ট্ৰেণ্ড কৰোৱা আৰম্ভ কৰি দিছে। ছবিখন বৰ্জন কৰাটো টুইটাৰত ১নম্বৰত ট্ৰেণ্ড কৰা আৰম্ভ কৰিছে।  বহুতেই ছবিখনৰ এডভান্স বুকিং বাতিল কৰি স্ক্ৰীণশ্বট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই বিষয়টো ইমান আগ বাঢ়িছে যে এচামে তেওঁৰ এটি পুৰণি সাক্ষাৎকাৰৰ ভিডিও উলিয়াই ট্ৰ’ল কৰা আৰম্ভ কৰিছে।

এই ভিডিওটোত তেওঁ ৰাহুল গান্ধীক প্ৰশংসা কৰা দেখা গৈছে।


যথেষ্ট পুৰণি এই ভিডিওটোত দীপিকাই দুৰদৰ্শনৰ এজন এংকৰৰ সৈতে কথা বাৰ্তাত লিপ্ত হৈ আছে। দীপিকাক এংকৰে এটা প্ৰশ্ন কৰিছিল যে এনে এজন ৰাজনীতিবিদৰ কথা কওক যিজনে আপোনাক প্ৰভাৱিত কৰিছে। দীপিকাই ইয়াৰ উত্তৰত কয়, মই ৰাজনীতিৰ বিষয়ে বিশেষ নাজানো। কিন্তু যি অলপ অচৰপ টিভিত দেখিছো তাৰ পৰা এটা কথাই ক’ব পাৰো যে ৰাহুল গান্ধীয়ে যি কৰিছে সেয়া আমাৰ দেশৰ যুৱ প্ৰজন্মৰ কাৰণে এটা ক্লাছিক উদাহৰণ হয় আৰু তেওঁ সোনকালেই দেশৰ প্ৰধানমন্ত্ৰী হ’ব। এংকৰে তেতিয়া সোধে যে, আপুনি বিচাৰে নে কি ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হওক, দীপিকাই তেতিয়া কয় নিশ্চয় তেওঁ যুৱ প্ৰজন্মৰ সৈতে সংযুক্ত আৰু তেওঁৰ চিন্তাধাৰা পৰম্পৰাগত হোৱাৰ লগতে ভৱিষ্যতমুখীও।এয়া আমাৰ দেশৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়।

জেএনইউত মঙলবাৰে দীপিকা পাডুকন

শেহতীয়া বাতৰি