এইবাৰ দৈ বিক্ৰী কৰিব দীপিকা পাডুকণে, কোম্পানীত বিনিয়োগ কৰিছে ধন!

বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণে এপিগেমিয়া কোম্পানীত ধন বিনিয়োগ কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে দীপিকা পাডুকণৰ সৈতে হোৱা কেইবা কোটি টকাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ঘোষণা কৰিছে।

News18-Assam
Updated:May 15, 2019, 4:55 PM IST
এইবাৰ দৈ বিক্ৰী কৰিব দীপিকা পাডুকণে, কোম্পানীত বিনিয়োগ কৰিছে ধন!
বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণে এপিগেমিয়া কোম্পানীত ধন বিনিয়োগ কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে দীপিকা পাডুকণৰ সৈতে হোৱা কেইবা কোটি টকাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ঘোষণা কৰিছে।
News18-Assam
Updated: May 15, 2019, 4:55 PM IST
বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণে এপিগেমিয়া কোম্পানীত ধন বিনিয়োগ কৰিছে। শেহতীয়াকৈ কোম্পানীটোৱে দীপিকা পাডুকণৰ সৈতে হোৱা কেইবা কোটি টকাৰ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ঘোষণা কৰিছে। দীপিকা এই কোম্পানীটোৰ সৈতে জড়িত হোৱাৰ খবৰ আহিছে যদিও কিমান টকা এই প্ৰকল্পত বিনিয়োগ কৰিছে সেয়া জানিব পৰা হোৱা নাই। দীপিকা এই ব্ৰেণ্ডৰ সৈতে জড়িত হোৱাই নহয়, বিজ্ঞাপনো কৰিব। লগতে FMCGৰ বাবে ষ্ট্ৰেটেজিক এডভাইজৰ ৰূপেও কাম কৰিব।

এপিগেমিয়াই বৰ্তমানে গ্ৰীক য়োগাৰ্ট (দৈ), স্নেক পেক, মিঠা দৈৰ লগতে বহু সামগ্ৰী বজাৰত বিক্ৰী কৰি আছে। ২০১৫ চনৰ জুনত আৰম্ভ হৈছিল এপিগেমিয়া। প্ৰায় ১০ হাজাৰ কেন্দ্ৰৰ জৰিয়তে কোম্পানীটোৱে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি আহিছে আৰু আগন্তুক কেইটামান বছৰত ইয়াৰ বিক্ৰী কেন্দ্ৰ ৫০ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। এপিগেমিয়াৰ সহঃ প্ৰতিষ্ঠাপক ৰোহন মীৰচন্দানীয়ে কয় যে দীপিকা পাডুকণ এপিগেমিয়া পৰিয়ালত অন্তৰ্ভুক্ত হোৱাক লৈ আমি যথেষ্ঠ উৎসাহিত। দীপিকাৰ অনুগামী আৰু আহ্বানে কোম্পানীটোক আগুৱাই নিয়াত সহায় কৰিব।

এইক্ষেত্ৰত দীপিকা পাডুকণে কয় – ‘মই এপিগেমিয়া পৰিয়ালত অন্তৰ্ভুক্ত হৈ ৰোমাঞ্চিত অনুভৱ কৰিছো। কোম্পানীৰ বিকাশৰ বাবে বৃহৎ আঁচনি আছে। নতুন উৎপাদিত সামগ্ৰী আৰু চহৰত খোজ ৰখাৰ প্ৰক্ৰিয়াৰে জড়িত হোৱাক লৈ মই যথেষ্ট উত্‍সাহী।’

ইয়াৰ পূৰ্বে বলীউদ অভিনেতা সুনীল শেট্টীয়ে ফিটনেছ ষ্টাৰ্টআপ ‘স্কোৱাট’ত বিনিয়োগ কৰিছিল। অমিতাভ বচ্চনে ‘জাষ্ট ডায়েল লিমিটেড’ আৰু প্ৰিয়ংকা চোপ্ৰাই নেটৱৰ্কিং আৰু ডেটিং এপ ‘বম্বল’ত বিনিয়োগ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি