• Home
  • »
  • News
  • »
  • nation
  • »
  • অভিনেত্ৰী দীপিকা পাডুকনৰ মহানুভৱতা, এচিড আক্ৰমণত পীড়িত বালাৰ বৃক্কৰ চিকিৎসাৰ বাবে আগবঢ়ালে ১৫ লাখ টকা

অভিনেত্ৰী দীপিকা পাডুকনৰ মহানুভৱতা, এচিড আক্ৰমণত পীড়িত বালাৰ বৃক্কৰ চিকিৎসাৰ বাবে আগবঢ়ালে ১৫ লাখ টকা

এই ধন ৰাশিৰে দিল্লীৰ চফদৰজং চিকিৎসালয়ৰ চিকিৎসকে বালাৰ বৃক্কৰ সংৰোপন সম্ভৱ হ'ব বুলি জনাইছে।

এই ধন ৰাশিৰে দিল্লীৰ চফদৰজং চিকিৎসালয়ৰ চিকিৎসকে বালাৰ বৃক্কৰ সংৰোপন সম্ভৱ হ'ব বুলি জনাইছে।

এই ধন ৰাশিৰে দিল্লীৰ চফদৰজং চিকিৎসালয়ৰ চিকিৎসকে বালাৰ বৃক্কৰ সংৰোপন সম্ভৱ হ'ব বুলি জনাইছে।

  • Share this:
দীপিকা পাডুকন অভিনীত ‘চাপাক’ নামৰ ছবিখনৰ কথা আপোনাৰ নিশ্চয় মনত আছে। উত্তৰ প্ৰদেশৰ বিজনীৰ চহৰত বালা নামৰ এগৰাকী এচিড আক্ৰমণত পীড়িত যুৱতীৰ ওপৰত নিৰ্মাণ কৰা ছবিখনে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। চৰিত্ৰটোত সাৱলীল অভিনয়ৰ বাবে বালাৰ সৈতে বহু সময়ত ঘনিষ্ঠতাৰে যোগাযোগত আছিল মোহময়ী অভিনেত্ৰী দিপীকা পাডুকন। কিন্তু কেৱল ছবিখনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই বালাৰ সৈতে সম্পৰ্ক শেষ কৰা নাছিল দিপীকাই। দিপীকাই বালা নামৰ এই দুৰ্ভগীয়া যুৱতীগৰাকীৰ প্ৰতিটো বিপদতে তেওঁক সহায়ৰ হাত আগবঢ়াইছিল।

দিল্লীৰ চফদৰজং চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বালাৰ স্বাস্থ্য পৰীক্ষাৰ পিছত চিকিৎসকে তেওঁৰ বৃক্কৰ সংৰোপনৰ প্ৰয়োজন বুলি জনাইছিল। ইয়াৰ বাবে প্ৰয়োজন আছিল ১৬ লাখ টকাৰ। আৰ্থিকভাৱে পিছপৰা বালাৰ পৰিয়ালৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰদান কৰাটো সম্ভৱ নাছিল। বালাক প্ৰথম অৱস্থাৰে পৰা সহায়ৰ হাত আগবঢ়োৱা "ছাঁ ফাইণ্ডেচন" নামৰ সংগঠনটোৱে বালাৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি বিভিন্ন লোকক আহ্বান জনাইছিল।

যোৱা দেওবাৰে এই বিষয়ে দীপিকা পাডুকনে জনাৰ পিছত প্ৰথমে ১০ লাখ টকা আৰু তাৰ পিছত পুনৰ ৫ লাখ টকাৰ সাহায্য আগবঢ়াই। দীপিকাই ১৫ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ পিছতৰ বালাৰ চিকিৎসাৰ বাবে সৰ্বমুঠ ১৬ লাখ ৫৮হাজাৰ টকা গোট খাইছে। বৰ্তমান এই ধন ৰাশিৰে দিল্লীৰ চফদৰজং চিকিৎসালয়ৰ চিকিৎসকে বালাৰ বৃক্কৰ সংৰোপন সম্ভৱ হ'ব বুলি জনাইছে।

উল্লেখযোগ্য যে, পশ্চিম উত্তৰ প্ৰদেশৰ বিজনীৰ চহৰত বাস কৰা বালাক ২০১২ চনতে ভাড়াঘৰত মালিকে এচিড আক্ৰমণ কৰিছিল। ইয়াৰ পিছৰে পৰা ২০১৭ চনলৈকে সৰ্বমুঠ ১২ বাৰ বালাৰ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। ছবি নিৰ্মাতা মেঘনা গুলজাতে বালাৰ জীৱনক লৈ নিৰ্মাণ কৰা ছবি "চাপাক"ত অভিনয়ৰ সময়ছোৱাত দিপীকা পাডুকনৰ সৈতে বহু সময়ত একেলগে দেখা গৈছিল বালাক। ইয়াৰ পিছৰে পৰা বালাৰ সৈতে দীপিকা পাডুকনৰ সম্পৰ্ক অতি মধুৰ হৈ পৰিছিল।

ইতিমধ্যে দিপীকাৰ এই মহানুভৱতাৰ বিষয়ে সংবাদ মাধ্যমক জনাইছে "ছাঁ" ফাইণ্ডেচনৰ প্ৰবক্তা আশীষ শুক্লাই। দিপীকাৰ এই মহানুভৱতাক শলাগিছে সকলোৱে।
Published by:Sanjay Kumar Das
First published: