Decoding Long Covid: সুস্থ হৈ উঠাৰ পিছতো কিয় গুৰুতৰ হৃদযন্ত্ৰৰ সমস্যাত ভোগে কোভিড ৰোগী? কি ক'লে অভিজ্ঞ চিকিৎসকে?

News18 Assam | News18-Assam
Updated:June 12, 2021, 7:24 PM IST
Decoding Long Covid: সুস্থ হৈ উঠাৰ পিছতো কিয় গুৰুতৰ হৃদযন্ত্ৰৰ সমস্যাত ভোগে কোভিড ৰোগী? কি ক'লে অভিজ্ঞ চিকিৎসকে?
নিউজ18-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ সিঙে কয়, "কোভিড ৰোগে প্ৰায় ২০ৰ পৰা ২৫ শতাংশ পৰ্যন্ত তীব্ৰ পৰ্যায়ত হৃদযন্ত্ৰক প্ৰভাৱিত কৰে।

নিউজ18-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ সিঙে কয়, "কোভিড ৰোগে প্ৰায় ২০ৰ পৰা ২৫ শতাংশ পৰ্যন্ত তীব্ৰ পৰ্যায়ত হৃদযন্ত্ৰক প্ৰভাৱিত কৰে।

  • Share this:
কোভিড মহামাৰী দ্বিতীয় ঢৌৰ সংহাৰ হ্ৰাস পাইছে। কিন্তু সতৰ্ক আৰু সচেতন হৈ থকাৰ প্ৰয়োজনীয়তা এতিয়াও আছে। কোভিডকালত অধিকাংশ ৰোগীৰ ক্ষেত্ৰতে হৃদযন্ত্ৰৰ ভিন্ন সমস্যা দেখিবলৈ পোৱা গৈছিল। আৰু সেয়েহে নিউজ18ৰ "Decoding Long Covid" অংশ হিচাপে বাংগালুৰুৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ ৰাজপাল সিঙে দীৰ্ঘম্যাদী হৃদযন্ত্ৰৰ ক্ষতিৰ বিপদাশংকা আৰু কোভিড১৯ৰ পৰা সুস্থ হৈ উঠাৰ পিছত দেখা দিয়া হৃদযন্ত্ৰৰ গুৰুতৰ জটিলতা কিমান হ'ব পাৰে তাৰ বিষয়ে জনাই এনেদৰে ।

নিউজ18-ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাঃ সিঙে কয়, "কোভিড ৰোগে প্ৰায় ২০ৰ পৰা ২৫ শতাংশ পৰ্যন্ত তীব্ৰ পৰ্যায়ত হৃদযন্ত্ৰক প্ৰভাৱিত কৰে। প্ৰাৰম্ভিক বিশ্বাসৰ বিপৰীতে, সুস্থ হৈ উঠাৰ পিছত ই হৃদযন্ত্ৰৰ ওপৰত দীঘলীয়া আৰু নিৰন্তৰ প্ৰভাৱ পেলাব পাৰে বুলি ভালেমান প্ৰমাণ আছে। ই সাধাৰণতে হৃদযন্ত্ৰৰ বিকলতা আৰু কাৰ্ডিয়াক এৰিথমিয়া আৰু হঠাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ সম্ভাৱনা বঢ়াই তোলে। লগতে, ধমনী আৰু সিৰাৰ থ্ৰম্বোচিছ হোৱাৰ কথাও উল্লেখ কৰা হৈছে।"

ৰোগীসকলৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ বিফলতাৰ লক্ষণ যেনে, পৰিশ্ৰমৰ সময়ত উশাহ চুটি হোৱা, বিচনাত উশাহ ল'বলৈ অক্ষম হোৱা বা ভৰি ফুলা আদি প্ৰকট হ'ব পাৰে। ইয়াৰোপৰি বুকুৰ বিষ, হঠাতে ধপধপনি আৰম্ভ হোৱা মূৰ ঘূৰোৱা আদি আৰম্ভ হ'ব পাৰে। যদি কোভিড ৰোগীৰ সুস্থ হোৱাৰ সময়ত বা পিছৰ পৰ্যায়ত এই লক্ষণবোৰৰ যিকোনো এটা দেখা যায়, তেতিয়া ইয়াক অপেক্ষা কৰা বা ঘৰুৱা প্ৰতিকাৰৰ চেষ্টা কৰাৰ সলনি লগে লগে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী বুলি উল্লেখ কৰে ডাঃ সিঙে ।

ড০ সিঙে লগতে কয় যে, "কাৰ্ডিয়াক বায়োমাৰ্কাৰ, যেনে ট্ৰোপনিন স্তৰ, প্ৰ'বিএনপি, আৰু ডি-ডিমাৰ, ইচিজি আৰু ইকোকাৰ্ডিঅ'গ্ৰাফিক বিশ্লেষণৰ সৈতে নিৰীক্ষণ কৰিলে পোষ্ট কোভিড কাৰ্ডিয়াক জটিলতা থকা লোকসকলক চিনাক্ত কৰাত সহায় কৰে।

অধ্যয়ন আৰু বিশেষজ্ঞসকলে লগতে দাবী কৰে যে, কোভিড-19-ৰ পৰা সুস্থ হৈ উঠা কিছুমান লোকৰ POTS (postural orthostatic tachycardia syndrome) হোৱাৰ সম্ভাৱনা আছে। POTS য়ে ৰোগীৰ হৃদযন্ত্ৰক পোনপটীয়াকৈ প্ৰভাৱিত নকৰে কিন্তু হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত মস্তিষ্কৰ কিছু সমস্যাৰ সৃষ্টি হয় ।

চিকিৎসাৰ ক্ষেত্ৰত তেজ পাতল কৰা আৰু এণ্টিকোৱাগুলেণ্টৰ আগতীয়া ব্যৱহাৰে এই চিকুৱেলবোৰ প্ৰতিৰোধ আৰু চিকিৎসা কৰাত সহায় কৰিব পাৰে। এনে লক্ষণ অনুভৱ কৰা সকলে প্ৰশিক্ষিত হৃদৰোগ বিশেষজ্ঞক লগ কৰাটো অত্যাৱশ্যকীয়, যি সেইবোৰৰ সঠিক মূল্যাংকন আৰু চিকিৎসা কৰিবলৈ সক্ষম হ'ব।
Published by: Himangshu Bhuyan
First published: June 12, 2021, 7:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি