জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা ৮খন আবেদনৰ ওপৰত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। এই ৮খন আবেদনৰ ভিতৰত ৰাজ্যখনৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ, জম্মু–কাশ্মীৰত ৰাষ্ট্ৰপতি শাসনৰ বৈধতা আৰু তাত বলৱৎ কৰা বিশেষ নিষেধাজ্ঞা অন্তৰ্ভুক্ত হৈ আছে। এই আবেদনসমূহৰ ভিতৰত এখন আবেদন কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে দাখিল কৰিছিল, য’ত তেওঁ নিজৰ গৃহৰাজ্যলৈ যোৱাৰ অনুমতি বিচাৰিছিল।
জম্মু–কাশ্মীৰৰ সৈতে জড়িত এই আটাইকেইখন আবেদনৰ শুনানি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ এ ব’বডে আৰু এছ আব্দুল নাজিৰৰ বিচাৰপীঠত গ্ৰহণ কৰা হ’ব। জম্মু আৰু কাশ্মীৰ পিপুল্ছ কনফাৰেঞ্চ পাৰ্টীৰ প্ৰধান ছাজ্জাদ লোনেও উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ৰাজ্যখনৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ আৰু ৰাজ্যৰ পুনৰগঠনৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল। আনহাতে, শিশু অধিকাৰ কৰ্মী ইনাক্ষী গাংগুলী আৰু প্ৰফেছৰ শান্তা সিনহাই জম্মু–কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছত শিশুসকলক বেআইনীভাৱে ঘৰৰ ভিতৰত বন্দী কৰি ৰখাৰ অভিযোগ তুলি লৈ দাখিল কৰিছিল আবেদন।
উচ্চতম ন্যায়ালয়ত সোমবাৰে ৰাজ্যসভাৰ সদস্য আৰু এমডিএমকেৰ প্ৰতিষ্ঠাপক ভাইকোৰ আবেদনৰ ওপৰতো হ’ব শুনানি। এই আবেদনত জম্মু–কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাক আদালতত হাজিৰ হোৱাৰ অনুমতি দিয়াৰ দাবী কৰা হৈছে। উল্লেখযোগ্য যে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ পিছৰে পৰা নজৰবন্দী হৈ আছে ফাৰুক আব্দুল্লা। ইয়াৰ লগতে কাশ্মীৰ টাইম্ছৰ সম্পাদক অনুৰাধা ভাছিনেও উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি কাশ্মীৰত সংবাদ মাধ্যমৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা আঁতৰোৱাৰ দাবী তুলিছিল।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|