• Home
  • »
  • News
  • »
  • nation
  • »
  • আগন্তুক ২৮ নবেম্বৰৰ ভিতৰত টুইন টাৱাৰৰ আৱৰ্জনা, জাৱৰ আঁতৰাব লাগিব- নয়দা কৰ্তৃপক্ষৰ নিৰ্দেশ

আগন্তুক ২৮ নবেম্বৰৰ ভিতৰত টুইন টাৱাৰৰ আৱৰ্জনা, জাৱৰ আঁতৰাব লাগিব- নয়দা কৰ্তৃপক্ষৰ নিৰ্দেশ

চুপাৰটেকৰ টুইন টাৱাৰবোৰৰ ধ্বংসাৱশেষ আঁতৰাবলৈ আৰম্ভ কৰাৰ নিৰ্দেশ নয়ডা কৰ্তৃপক্ষৰ।

চুপাৰটেকৰ টুইন টাৱাৰবোৰৰ ধ্বংসাৱশেষ আঁতৰাবলৈ আৰম্ভ কৰাৰ নিৰ্দেশ নয়ডা কৰ্তৃপক্ষৰ।

চুপাৰটেকৰ টুইন টাৱাৰবোৰৰ ধ্বংসাৱশেষ আঁতৰাবলৈ আৰম্ভ কৰাৰ নিৰ্দেশ নয়ডা কৰ্তৃপক্ষৰ।

  • Share this:
নয়ডা কৰ্তৃপক্ষই বিগত বুধবাৰ অৰ্থাৎ ২৮ ছেপ্তেম্বৰত বিষয়াসকলক চেক্টৰ ৯৩এ ত ভাঙি পেলোৱা চুপাৰটেকৰ টুইন টাৱাৰবোৰৰ ধ্বংসাৱশেষ আঁতৰাবলৈ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে। এই কাৰ্য বৃহস্পতিবাৰ অৰ্থাৎ ২৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ কৰি ২৮ নৱেম্বৰৰ ভিতৰত সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে। টুইন টাৱাৰৰ ধ্বংসাৱশেষ আঁতৰোৱা সন্দৰ্ভত বুধবাৰে নয়ডা কৰ্তৃপক্ষৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। নয়ডা কৰ্তৃপক্ষৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া প্ৰবীণ মিশ্ৰাই বৈঠকত নিৰ্দেশ দিয়ে যে আৱৰ্জনা আঁতৰোৱাৰ কাম বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব লাগে আৰু ইয়াক ২৮ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে।

নয়ডা কৰ্তৃপক্ষৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া প্ৰবীণ মিশ্ৰাই বিষয়াসকলক তৎক্ষণাৎ ধ্বংসৰ সময়ত খহি পৰা এটিএছ ভিলেজ চ'চাইটিৰ সীমাবেৰৰ অংশটো নিৰ্মাণ কৰিবলৈ আদেশ দিয়ে। জানিব পৰা মতে, বিগত ২৮ আগষ্টত টুইন টাৱাৰ ধ্বংসৰ সময়ত টিএছ ভিলেজ চ'চাইটিৰ সীমাৰ দেৱালখন খহি পৰিছিল। তেওঁ কয় যে ধ্বংসকৰণত নিয়োজিত এডিফিচ আৰু চুপাৰটেক বিল্ডাৰক ২৯ ছেপ্টেম্বৰৰ পৰা ধ্বংসাৱশেষ আঁতৰ কৰাৰ কাম আৰম্ভ কৰিবলৈ আৰু ২৮ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি