পশ্চিম বংগত NRC সন্ত্ৰাস অব্যাহত! পুনৰ দুজনৰ আত্মহত্যা, NRC কেন্দ্ৰিক আত্মহত্যাৰ সংখ্যা হ’লগৈ ৮

পশ্চিম বংগত NRCৰ শংকা দিনক দিনে বাঢ়িছে একাংশৰ মাজত।

News18
Updated:September 25, 2019, 1:30 PM IST
পশ্চিম বংগত NRC সন্ত্ৰাস অব্যাহত! পুনৰ দুজনৰ আত্মহত্যা, NRC কেন্দ্ৰিক আত্মহত্যাৰ সংখ্যা হ’লগৈ ৮
প্ৰতীকি ফটো, ইণ্টাৰনেটৰ পৰা সংগৃহীত।
News18
Updated: September 25, 2019, 1:30 PM IST
পাৰ্থ জ্যোতি বৰা, ব্যুৰ’ চীফ, নতুন দিল্লী:পশ্চিম বংগত NRC আৰম্ভ নৌহওতেই ভীষণ সন্ত্ৰাসত ভুগিছে একাংশ লোক । NRC ত নাম সুনিশ্চিত কৰিবলৈ যাৱতীয় নথি সংগ্রহ কৰাত উঠি পৰি লাগিছে বহু লোক । ফলত সমগ্ৰ ৰাজ্যৰ নগৰ পালিকা তথা গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূহত দেখা গৈছে লানি নিছিগা শাৰী । আনহাতে শংকাত ভুগি পুনৰ দুজন লোকে আত্মহত্যা কৰিছে ।

আত্মহত্যা কৰা এজন হৈছে ধূপগুড়ীৰ ২৫ বছৰীয়া যুৱক আৰু আন জন জলপাইগুড়ীৰ ৫০ বছৰীয়া ব্যক্তি। পুলিচৰ প্ৰাৰম্ভিক তদন্ত অনুসৰি NRC ত নাম অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে প্ৰয়োজন বুলি ভবা যাৱতীয় নথি যুগুত কৰিব নোৱাৰাৰ বাবে আশংকাত ভুগি প্ৰাণ ললে । ২৫ বছৰীয়া জনে চিপ লৈ আত্মহত্যা কৰে আৰু ৫০ বছৰীয়া জনে কুঁৱাত জঁপিয়াই প্ৰাণ দিয়ে ।

যোৱা দেওবাৰে দক্ষিণ ২৪ পৰগনা জিলাৰ ফালতাত ৪২ বছৰীয়া আন এজন ব্যক্তিয়ে NRCত নাম নহাৰ শংকাত ভুগি আত্মহত্যা কৰে ।

অৱশ্যে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বংগবাসীক NRC ৰ নামত ভীতিগ্ৰস্ত নহবলৈ আহ্বান জনাইছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি