'ফণী'ৰ দংশনত ওড়িশাত ১৬জনৰ মৃত্যু, ১কোটি লোক আক্ৰান্ত

ফণীয়ে তচনচ কৰ ১০,০০০ গাওঁ আৰু ৫২খন চহৰত ইতিমধ্যে সাহাৰ্য আৰু পুনঃসংস্থাপনৰ কাম যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা হৈছে।ভাৰতীয় বায়ু সেনাই তিনিখন চুপাৰ হাৰকিউলিচ বিমান ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰিছে।

news18
Updated:May 5, 2019, 10:46 AM IST
'ফণী'ৰ দংশনত ওড়িশাত ১৬জনৰ মৃত্যু, ১কোটি লোক আক্ৰান্ত
ফণীৰ দংশনত তচ নচ ওড়িশা
news18
Updated: May 5, 2019, 10:46 AM IST
ওড়িশাত কাল ঘূৰ্ণী 'ফণী'ৰ কাৰণে মৃত্যু হোৱা লোকৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পাইছ। ফণীয়ে তচনচ কৰ ১০,০০০ গাওঁ আৰু ৫২খন চহৰত ইতিমধ্যে সাহাৰ্য আৰু পুনঃসংস্থাপনৰ কাম যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰা হৈছে। কমেও এক কোটি লোক বিধ্বংসী কাল ঘূৰ্ণী ফণীৰ দ্বাৰা আক্ৰান্ত হৈছে।

প্ৰশাসনে নিউজ18ক জনোৱা মতে মৃত্যু হোৱা ১৬জন লোকৰ ভিতৰত চাৰিজন ময়ুৰভঞ্জৰ, পুৰী, ভুৱনেশ্বৰ আৰু জাজপুৰৰ তিনিজন–তিনিজনকৈ লোক আছে। নয়াগঢ় আৰু কেন্দ্ৰপাৰাত এজনকৈ লোকৰ মৃত্যু ঘটিছে।

কাল ঘূৰ্ণী ফণীক বিগত ৪৩বছৰত ওড়িশাত অহা ধুমুহাৰ ভিতৰত আটাইতকৈ শক্তিশালী আখ্যা দিয়া হৈছে। গ্ৰীষ্ম কালত অহা ফণী ঘূৰ্ণীবতাহক বিৰলতম আখ্যা দিছে বিজ্ঞানীসকলে। ১৫০বছৰত ওড়িশা সন্মুখীন অন্যতম ঘূৰ্ণীবতাহ ফণী।

ঘণ্টাত ২৪০ কিলোমিটাৰ বেগত অহা ফণীৰ কাৰণে শুকুৰবাৰে প্ৰৱল বৰষুণ আৰু কাল ধুমুহা নামি আহিছিল। ঘূৰ্ণীবতাহজাক দুৰ্বল হৈ পশ্চিম বংগত প্ৰৱেশ কৰাৰ পূৰ্বে বহুকেইখন গাঁও আৰু নগৰৰ ঘৰ সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছিল।

ইতিমধ্যে সেনা বাহিনীয়ে এই ভয়ংকৰ বিপত্তিৰ পৰা ওড়িশাক ৰক্ষা কৰিবলৈ কেন্দ্ৰই এহেজাৰ কোটি টকা মোকলাই দিছে। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত গৈ নিজে পৰিস্থিতিৰ বুজ ল’ব।

উদ্ধাৰ অভিযানত অংশ লৈছে ভাৰতীয় সেনা বাহিনীয়ে। দূৰ্গতৰ মাজত সাহাৰ্য প্ৰদান কৰিবলৈ ভাৰতীয় বায়ু সেনাই তিনিখন চুপাৰ হাৰকিউলিচ বিমান ভুৱনেশ্বৰলৈ প্ৰেৰণ কৰিছে।

ফটো সৌজন্যঃ IAF
সৌভাগ্যক্ৰমে পশ্চিম বংগত ফণীয়ে কিছু ক্ষয়–ক্ষতিৰ বাহিৰে তাণ্ডৱ চলোৱা নাই আৰু ৰাজ্যখনত ইতিমধ্যে বিমান সেৱা আৰু ৰে’ল সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি গৈছে।

ওড়িশাৰ এই ভয়ংকৰ দুৰ্যোগত সকলো দেশবাসীৰ অন্তৰ উদ্বেলিত হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি