দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ১৭জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:February 26, 2020, 10:21 AM IST
দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ১৭জনলৈ বৃদ্ধি
বিগত দুদিনত পৃথক পৃথক হাস্পতালত ১২০জনৰো অধিক লোকক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

বিগত দুদিনত পৃথক পৃথক হাস্পতালত ১২০জনৰো অধিক লোকক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

  • News18 Assam
  • Last Updated: February 26, 2020, 10:21 AM IST
  • Share this:
উত্তৰ পূব দিল্লীত বিগত দুদিনত নাগৰিকত্ব সংশোধনী আইনক লৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাত এতিয়ালৈ এজন আৰক্ষীসহ মুঠ ১৭জন লোক নিহত হৈছে। আনহাতে ৫৬জন আৰক্ষীৰ লগতে প্ৰায় ২০০জন লোক আহত হৈছে এই ঘটনাত। বহুকেইজন আহত লোকৰ অৱস্থা সংকটজনক বুলি বিভিন্ন হাস্পতাল কৰ্তৃপক্ষই সদৰি কৰিছে।

বিগত দুদিনত পৃথক পৃথক হাস্পতালত ১২০জনৰো অধিক লোকক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। ইয়াৰ মাজতে ভজনপুৰা আৰু খুৰেজী খাছ অঞ্চলত মঙলবাৰে আৰক্ষীয়ে ফ্লেগমাৰ্চ কৰে। ছিলমপুৰ আৰু মৌজপুৰত পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে বুলি জনাইছে আৰক্ষী সূত্ৰই। বাবৰপুৰ, জাফৰাবাদ আৰু গকুলপুৰীত আৰক্ষীয়ে বন্ধ কৰি ৰাখিছে যাতায়াত ব্যৱস্থা।

খবৰ অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২৪ ঘণ্টাৰ ভিতৰত তৃতীয়খন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত নৱনিযুক্ত দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত এছ এন শ্ৰীবাস্তৱো উপস্থিত আছিল। আনহাতে, অমিত শ্বাহে নিজৰ ত্ৰিৱান্দ্ৰম ভ্ৰমণ বাতিল কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি