ডেহৰাডুনঃ উত্তৰাখণ্ডত প্ৰৱল বৰষুণৰ ফলত সংঘটিত দুৰ্ঘটনা আৰু বিপৰ্যয়ত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬জন হৈছে। সোমবাৰৰ পৰা এইপৰ্যন্ত মৃত্যু হোৱা লোকৰ তথ্য প্ৰকাশ কৰি এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে এই সংখ্যা বাঢ়িব পাৰে কাৰণ নৈনিতাল সহ বহু ঠাইত এতিয়াও বহুকেইজন লোক সন্ধানহীন হৈ আছে। নৈনিতাল জিলাত সৰ্বাধিক ২৮ জন লোকৰ প্ৰাণ গৈছে। জিলাখনত ১১ জন সন্ধানহীন হৈ আছে। আনহাতে ১২ জন আহতৰ চিকিৎসালয়ত চিকিৎসা চলি আছে।
![]()
চৰকাৰী তথ্য
উদ্ধাৰকাৰ্যৰ কাৰণে বায়ুসেনাৰ উদ্ধাৰকাৰী দল হালদানীলৈ ৰাওনা হৈছে। নৈনিতাল জিলাৰ চালাৰী গাঁৱত এছডিআৰএফৰ এটা দল ৰাওনা হৈছে। ভূমিস্খলন হোৱা ঠাইলৈ দলটো ৰাওনা হৈছে। ভূমিস্খলনৰ ফলত বহুকেইজন গাঁওবাসী আৱদ্ধ হৈ আছে। আনফালে ৰুদ্ৰপ্ৰয়াগ–কেডাৰনাথ ৰাষ্ট্ৰীয় ঘাইপথ ১০৭ অৱৰুদ্ধ হৈ আছে। পাহাৰৰ পৰা মাটি খহি পৰা পৰাৰ ফলত নৌলাপানীৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে আৰু ইয়াক মুকলি কৰাৰ প্ৰয়াস চলি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|