ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত কেৰালা দুখন জিলাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলন আৰু বিধ্বংসী বানপানীৰ ফলত মৃত্যুৰ সংখ্যা ২৩ লৈ বৃদ্ধি পাইছে। কোট্টায়ামৰ কুট্টিকালত ১৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু ইডুক্কিত ৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছিল। কোজিকোড জিলাত এটা শিশু ডুব গৈ মৃত্যুমুখত পৰে।
সাহায্য আৰু উদ্ধাৰকাৰী দলে দেওবাৰে ধ্বংসাৱশেষৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিছে। ৰাজ্যৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ সূত্ৰ অনুসৰি উদ্ধাৰকাৰীসকলে ইডুক্কি আৰু কোট্টায়াম জিলাৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ধ্বংসাৱশেষৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে।
ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত হোৱা মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বানৰ প্ৰতি লক্ষ্য ৰাখি নামনি অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।
Spoke to Kerala CM Shri @vijayanpinarayi and discussed the situation in the wake of heavy rains and landslides in Kerala. Authorities are working on the ground to assist the injured and affected. I pray for everyone’s safety and well-being.
— Narendra Modi (@narendramodi) October 17, 2021
কেৰালাৰ মুখ্যমন্ত্ৰী বিনাৰাই বিজয়নে ৰাজ্যত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখি কেন্দ্ৰৰ পৰা সহায় বিচাৰিছিল আৰু আজি সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানেও উদ্ধাৰ অভিযানত নামি পৰে। উল্লেখ্য মুষলধাৰ বৰষুণৰ ফলত তিনিখন জিলা কোট্টায়ম, পথানামথিট্টা আৰু ইডুক্কী আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। উল্লেখ্য, বতৰ বিভাগে কেইবাখনো ৰাজ্যত বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|