চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ! নাপাব এই বিশেষ সুবিধা

News18 Assam | News18-Assam
Updated:April 23, 2020, 2:46 PM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ! নাপাব এই বিশেষ সুবিধা
ESICৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন নিয়োগকৰ্তাৰ তৰফৰ পৰা কৰোৱা হয়। ইয়াৰ কাৰণে কৰ্মচাৰীয়ে পৰিয়ালৰ সদস্যৰ তথ্য প্ৰদান কৰিব লাগে। নমিনীও কৰ্মচাৰীয়ে নিৰ্ধাৰণ কৰিব লাগে। 

কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেন্সনাৰৰ DA বৃদ্ধি নকৰাৰ সিদ্ধান্ত লয়।

  • Share this:
কোৰোণা ভাইৰাছৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে দেশৰ অৰ্থনীতি। সেইসময়তে চৰকাৰী কৰ্মচাৰীৰ বাবে আছে এটা বেয়া খবৰ। কৰ্মচাৰী আৰু পেন্সনাৰৰ DA(Dearness Allowance)বৃদ্ধি কৰা নহয়। এই কথা স্পষ্ট কৈ জনাইছে কেন্দ্ৰীয় বিত্তমন্ত্ৰণালয়ে।

বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰণালয়ৰ তৰফৰ পৰা এক বিশেষ নিৰ্দেশনা জাৰি কৰি কোৱা হৈছে যে, ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা অতিৰিক্ত DA দিয়াতো এতিয়া সম্ভৱ নহয়। অৰ্থাত্‍ DA আগৰ ১৭ শতাংশৰ হাৰতে  লাভ কৰিব চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰে।

যোৱা মাহত কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ DA বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল। সিদ্ধান্ত অনুসৰি ১৭ শতাংশৰ ঠাইত ২১ শতাংশ DA দিয়া কথা আছিল চৰকাৰী কৰ্মচাৰীসকলক। কিন্তু এতিয়া এই সিদ্ধান্ত স্থগিত ৰাখিছে চৰকাৰে।
Published by: Himangshu Bhuyan
First published: April 23, 2020, 2:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি