পশ্চিম দিল্লীৰ পাঞ্জাবী বাগ অঞ্চলত বুধবাৰে সন্ধিয়া ছুটকেছত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অপৰাধ শাখাও তদন্তৰ বাবে সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ দলটোৱে যেতিয়া ছুটকেছটো খুলিলে তেতিয়া এগৰাকী মহিলাৰ মৃতদেহ পচি যোৱা অৱস্থাত উদ্ধাৰ হয়। এতিয়াও পৰিচয় চিনাক্ত হোৱা নাই মহিলাগৰাকীৰ মৃতদেহৰ। মহিলাগৰাকীৰ বয়স প্ৰায় ২৮-৩০ বছৰ বুলি জানিব পৰা গৈছে। ছুটকেছত থকা মৃতদেহটোৰ বাবে হত্যাৰ বিষয়টো গোচৰটোত স্পষ্টকৈ দেখা গৈছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
লাভ কৰা তথ্য অনুসৰি ৰিং ৰোডৰ সমীপৰ এটা কদৰ্য নলাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। জানিব পৰা মতে এই নলাটো নাজাফগড় নলাৰ এটা অংশ। তাৰ কাষত থকা এটা ছুটকেছত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃতদেহটোৰ অৱস্থা দেখি ৮ৰ পৰা ১০ দিন পূৰ্বেও এই হত্যাকাণ্ড সংঘটিত হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে, ৰাজৌৰী গাৰ্ডেনৰ পৰা পাঞ্জাবী বাগ অভিমুখে যোৱা ৰিং ৰোডৰ সমীপত পৰি থকা এটা ছুটকেছৰ কথা পিচিআৰক অৱগত কৰিছিল এজন পথচাৰীয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈছিল। পঞ্জাৱী বাগ আৰক্ষী থানাৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ ছুটকেছটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে। ছুটকেছত থকা মহিলাগৰাকীৰ মৃতদেহ দেখি সকলোৱে থতমত খালে।
আৰক্ষীৰ মতে, মৃতদেহটোৰ অৱস্থা অতি বেয়া, যাৰ বাবেই এই হত্যাকাণ্ড ৮ৰ পৰা ১০ দিন পূৰ্বে সংঘটিত হ’ব পাৰে বুলি অনুমান কৰা হৈছে। অৱশ্যে এতিয়াও চিনাক্ত হোৱা নাই মহিলাগৰাকী। আৰক্ষীৰ প্ৰাৰম্ভিক প্ৰত্যাহ্বান হৈছে মহিলাগৰাকীৰ পৰিচয় নিৰ্ণয় কৰা। আশংকা কৰা হৈছে যে মহিলাগৰাকীক অন্য ঠাইত হত্যা কৰি নজাফগড়ৰ নলাৰ পাৰত দলিয়াই দিয়া হৈছে যাতে মৃতদেহটো জহি খহি যায়। বৰ্তমান এই গোচৰৰ তদন্ত অব্যাহত আছে আৰক্ষী।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|