গুলীয়াই প্ৰথমে মহিলা SIৰ হত্যা তাৰ পিছতে আৰক্ষী বিষয়াই নিজকো মাৰিলে গুলী

News18 Assam | News18-Assam
Updated:February 8, 2020, 9:20 AM IST
গুলীয়াই প্ৰথমে মহিলা SIৰ হত্যা তাৰ পিছতে আৰক্ষী বিষয়াই নিজকো মাৰিলে গুলী
দিল্লী আৰক্ষীৰ এছ আই প্ৰীতি আৰু অভিযুক্ত চাব ইন্সপেক্টৰ দীপাংশু। চিচিটিভিৰ পৰা এই চাঞ্চল্যকৰ ফুটেজ লাভ কৰিছে দিল্লী আৰক্ষীয়ে। 

দিল্লী আৰক্ষীৰ এছ আই প্ৰীতি আৰু অভিযুক্ত চাব ইন্সপেক্টৰ দীপাংশু। চিচিটিভিৰ পৰা এই চাঞ্চল্যকৰ ফুটেজ লাভ কৰিছে দিল্লী আৰক্ষীয়ে। 

  • Share this:
ৰাজধানী দিল্লীৰ ৰোহিণী এলেকাত এগৰাকী মহিলা আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। গুলী চলোৱা আৰক্ষী বিষয়াজনে নিজেও গুলীয়াই আত্মহত্যা কৰে। মহিলা আৰক্ষী বিষয়াগৰাকীৰ সৈতে অভিযুক্তও দিল্লী আৰক্ষীৰ চাব ইন্সপেক্টৰ পদত কৰ্মৰত আছিল। শণিবাৰে অভিযুক্ত দীপাংশুৰ মৃতদেহ হাৰিয়ানাৰ কাৰণালৰ পৰা উদ্ধাৰ কৰা হয়।

উল্লেখযোগ্য যে পটপৰগঞ্জ ইণ্ডাষ্ট্ৰিয়েল এলেকাৰ আৰক্ষী থানাত কৰ্মৰত এছআই প্ৰীতি আহলাৱতৰ মৃতদেহ ৰোহিণী এলেকাত উদ্ধাৰ হয়। ৰোহিণী ইষ্ট মেট্ৰ’ ষ্টেশ্যনৰ ওচৰত তেওঁক কেবাজাঁই গুলী চলোৱা হৈছিল। মৃত প্ৰীতি ২০১৮ বৰ্ষত দিল্লী আৰক্ষীত ভৰ্তি হৈছিল।এই ঘটনা শুকুৰবাৰে নিশা প্ৰায় ৯.৩০বজাৰ।

খোজ কাঢ়ি ঘৰলৈ গৈ আছিল প্ৰীতি

মহিলা চাব ইন্সপেক্টৰ প্ৰীতিয়ে শুকুৰবাৰে নিশা প্ৰায় চাৰে ন বজাত ৰোহিণী ইষ্ট মেট্ৰ’ ষ্টেশ্যনৰ পৰা নামি খোজকাঢ়ি ঘৰলৈ গৈ আছিল। সেই সময়তে আক্ৰমণকাৰীয়ে ওচৰলৈ আহি পিষ্টল উলিয়াই মহিলা আৰক্ষী বিষয়াগৰাকীৰ মূৰত গুলী মাৰে। থিতাতে প্ৰাণ হেৰুৱায় প্ৰীতিয়ে। এছআই প্ৰীতি পটপৰগঞ্জ ইণ্ডাষ্ট্ৰীয়েল এলেকা থানাত কৰ্মৰত হৈ আছিল। এই হত্যাকাণ্ডক লৈ আৰক্ষী প্ৰশাসনো হতভম্ব হৈ পৰিছে।

বেটছমেট আছিল প্ৰীতি–দীপাংশু


আৰক্ষীয়ে চিচিটিভি ফুটেজৰ পৰা ঘটনাৰ তথ্য গোটাবলৈ আৰম্ভ কৰাত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে। প্ৰীতিক হত্যা কৰা ব্যক্তিজনো দিল্লী আৰক্ষীৰে চাব ইন্সপেক্টৰ আছিল। শণিবাৰে অভিযুক্ত দীপাংশুৰ মৃতদেহো হাৰিয়ানাৰ কৰণালৰ পৰা উদ্ধাৰ কৰা হয়। বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি