• Home
  • »
  • News
  • »
  • nation
  • »
  • Single-Dose Sputnik Light: স্পুটনিক লাইটৰ ছিংগল ড'জৰ বাবে কেন্দ্ৰৰ চৰ্তসাপেক্ষ অনুমোদন

Single-Dose Sputnik Light: স্পুটনিক লাইটৰ ছিংগল ড'জৰ বাবে কেন্দ্ৰৰ চৰ্তসাপেক্ষ অনুমোদন

দেশৰ মুঠ পাঁচটা স্থানত ছিংগল ড'জৰ স্পুটনিক লাইট পৰীক্ষণ কৰা হৈছে।

দেশৰ মুঠ পাঁচটা স্থানত ছিংগল ড'জৰ স্পুটনিক লাইট পৰীক্ষণ কৰা হৈছে।

দেশৰ মুঠ পাঁচটা স্থানত ছিংগল ড'জৰ স্পুটনিক লাইট পৰীক্ষণ কৰা হৈছে।

  • Share this:
কেন্দ্ৰই জৰুৰীকালীন অৱস্থাত স্পুটনিক লাইটৰ ছিংগল ড'জৰ ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। DCGIয়ে স্পুটনিক লাইটৰ ছিংগল ড'জ (Single Dose) কোভিড-১৯ ভেকচিনৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুলি অনুমোদন দিছে। এয়া হৈছে ভাৰতৰ নৱম কোভিড টিকা।

দীৰ্ঘদিন ধৰি বিশেষজ্ঞসকলে জৰুৰীকালীন অৱস্থাত ব্যৱহাৰৰ বাবে স্পুটনিক লাইটৰ (Single-dose Sputnik Light)  বাবে অনুমোদন বিচাৰি আহিছিল। তেওঁলোকে এই ভেকছিনৰ কাৰ্যকৰিতা সম্পৰ্কে সকলো তথ্য প্ৰদান কৰিছিল। দীঘলীয়া অধ্যয়নৰ পিছত এতিয়া ইয়াক অনুমোদন দিয়া হৈছে। উল্লেখ্য, ২৯খন দেশত ইতিমধ্যে ছিংগল ড'জৰ স্পুটনিক লাইট অনুমোদিত হৈছে।

ইয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে ছিংগল ড'জৰ জনছন এণ্ড জনছনক অনুমোদন দিছিল যদিও আমাৰ দেশত এই ভেকচিনৰ কোনো পৰীক্ষণ হোৱা নাছিল। ইয়াৰ বিপৰীতে আমাৰ দেশৰ মুঠ পাঁচটা স্থানত ছিংগল ড'জৰ স্পুটনিক লাইট পৰীক্ষণ কৰা হৈছে।

গুৰুত্বপূৰ্ণ যে ভাৰতত কোৰোনাভাইৰাছৰ (Coronavirus) সংক্ৰমণ সামান্য হ্ৰাস হোৱা দেখা গৈছে। যোৱা ২৪ ঘণ্টাত দেশত ১.০৭,৪৭৪জন লোক কোৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। বৰ্তমান দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ১২ লাখ ২৫ হাজাৰ ০১১। এতিয়ালৈকে দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,০১,৯৭৯ জন।

কোৰোনা ভাইৰাছৰ তৃতীয় ঢৌ এতিয়াও ভাৰতত চলি আছে। কোৰোনাৰ মৃত্যুৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ স্থানত আছে। এই পৰিস্থিতিত ভেকচিনৰ ছিংগল ড'জৰ স্পুটনিক লাইটৰ অনুমোদন অলপ সকাহ বুলি গণ্য কৰিব পাৰি।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি