মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»অপৰাধী ডাউদ ইব্ৰাহিমৰ মহাৰাষ্ট্ৰৰ পৈতৃক ঘৰ ৰূপান্তৰ হ'ব সনাতন বিদ্যালয়লৈ

অপৰাধী ডাউদ ইব্ৰাহিমৰ মহাৰাষ্ট্ৰৰ পৈতৃক ঘৰ ৰূপান্তৰ হ'ব সনাতন বিদ্যালয়লৈ

News18 Assam | News18-Assam
Updated:October 12, 2021, 5:00 PM IST
অপৰাধী ডাউদ ইব্ৰাহিমৰ মহাৰাষ্ট্ৰৰ পৈতৃক ঘৰ ৰূপান্তৰ হ'ব সনাতন বিদ্যালয়লৈ
অপৰাধী ডাউদ ইব্ৰাহিমে ১৯৮০ চনত ইয়াত বাস কৰিছিল।

অপৰাধী ডাউদ ইব্ৰাহিমে ১৯৮০ চনত ইয়াত বাস কৰিছিল।

  • Share this:

দেশৰ মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিম (Dawood Ibrahim)ৰ পৈতৃক ঘৰটো শীঘ্ৰেই এক সনাতন বিদ্যালয়লৈ ৰূপান্তৰিত হ'ব। আণ্ডাৰৱৰ্ল্ড ডাউদৰ প্ৰাসাদোপম এই ঘৰটো মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত অৱস্থিত। দৰাচলতে, স্মাগলাৰ্ছ এণ্ড ফৰেইন একচেঞ্জ মনীপুলেটৰ্ছ এক্ট (SAFEMA)ৰ অধীনত অনুষ্ঠিত নিলামত অজয় শ্ৰীবাস্তৱ নামৰ এজন অধিবক্তাই এই সম্পত্তি ক্ৰয় কৰে। এটা মাৰাঠী নিউজ চেনেলৰ সৈতে বাৰ্তালাপ কৰি অধিবক্তা শ্ৰীবাস্তৱে কয়, "মই এই বাংলোটো সনাতন বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ।''


ডাউদৰ ঘৰটো কিনাৰ সিদ্ধান্ত তেওঁ কিয় লৈছিল সেই সম্পৰ্কে প্ৰশ্ন কৰাত অধিবক্তা শ্ৰীবাস্তৱে কয়, "ডাউদে ইয়াত থাকোঁতে মাদ্ৰাছাৰ হৈ বহুতো প্ৰচাৰ কৰিছিল। গতিকে এতিয়া ই সনাতন স্কুলত পৰিণত হওক।''


উল্লেখ্য, শ্ৰীবাস্তৱে যোৱা বছৰো নিলামত ডাউদৰ আন দুই পৃথক সম্পত্তি ক্ৰয় কৰিছিল। অপৰাধী ডাউদ ইব্ৰাহিমে ১৯৮০ চনত ইয়াত বাস কৰিছিল। বহু দিনৰ পিছত তেওঁৰ চাৰিগৰাকী ভগ্নীৰ এগৰাকীয়ে এই বাংলোত আছিল। কিন্তু পিছত তেওঁৰ পৰিয়াল আন ঠাইলৈ স্থানান্তৰিত হৈছিল।



১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণৰ পিছত ডাউদ ইব্ৰাহিমক মোষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হয়। আনহাতে পাকিস্তানে যোৱা বছৰ প্ৰথমবাৰৰ বাবে পাকিস্তানত ডাউদৰ উপস্থিতি স্বীকাৰ কৰিছিল।

Published by: Gautam Barman
First published: October 12, 2021, 5:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি