কিমান নৃশংস হ'ব পাৰে মানুহ! তেনেই সাধাৰণ এষাৰ কথাৰ বাবেই কেনেদৰে জীয়াই থকাৰ অধিকাৰো কাঢ়ি ল'ব পাৰে আন এগৰাকী ব্যক্তিৰ? এনেই এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ উজ্জেইনৰ নাগদাত।
দুদিন পূৰ্বে সংঘটিত হোৱা যুৱতী হত্যা সম্পৰ্কত এক ডাঙৰ তথ্য পোহৰলৈ আনিছে মধ্য প্ৰদেশ আৰক্ষীয়ে। আৰক্ষীয়ে প্ৰকাশ কৰিছে যে যুৱতীগৰাকীৰ সতীয়া দেউতাকে হত্যা কৰিছে জীয়ৰীক। দেউতাক আৰু জীয়ৰীৰ মাজত প্ৰায়েই বিবাদৰ সৃষ্টি হয় আৰু দুদিন পূৰ্বেও দুয়োৰে মাজত সৃষ্টি হৈছিল বিবাদ।
সেই দিনটোতে যুৱতীগৰাকীয়ে কাজিয়াৰ মাজতে দেউতাকক টকলা বুলি কৈ দিছিল আৰু এই কথা শুনি খঙত অগ্নিশৰ্মা হৈ পৰা দেউতাকে জীয়ৰীক ইটাৰে প্ৰচণ্ড জোৰেৰে মূৰত আঘাত কৰিছিল। ইয়াৰ ফলতে ঘটনাস্থলীতে দেউতাকৰ হাততে মৃত্যুক সাবটি লয় সোণালী নামৰ যুৱতীগৰাকীয়ে। কিন্তু চতুৰ দেউতাকে নিজে হত্যা কৰি সোণালীৰ হত্যা সম্পৰ্কত আৰক্ষীক বিপথে পৰিচালিত কৰে আৰু সোণালীৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দাখিল কৰে।
নাগদাৰ পুৰণি বাছ ষ্টেণ্ড গোল্ডেন লজত সংঘটিত যুৱতীৰ হত্যাৰ তদন্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু শক্তিশালী প্ৰমাণৰ পিছত চিএছপি মনোজ ৰত্নাকৰ আৰু আৰক্ষী থানাখনৰ মুখ্য আৰক্ষী বিষয়া শ্যামচন্দ্ৰ শৰ্মাই গোচৰটোৰ সকলো তথ্য দাঙি ধৰি কয় যে পিতৃ মানসিং গুৰ্জাৰে জীয়ৰী সোণালীক তাইৰ অভব্য আচৰণৰ বাবেই হত্যা কৰে।