পাচলি বিক্ৰেতা অশোক নাগৰে কৈছিল যে তেওঁৰ ছোৱালী এক উদাহৰণ
পাচলি বিক্ৰেতা অশোক নাগৰে কৈছিল যে তেওঁৰ ছোৱালী এক উদাহৰণ
চিভিল জাজ হোৱাটো তেনেই এটা সাধাৰণ কথা হ'ব পাৰে। কিন্তু পৰিয়ালৰ আৰ্থিক দুৰ্বলতাৰ মাজতো কোনোৱে এই সাফল্য পালে ইয়াক অসাধাৰণ তথা এক আদৰ্শ বুলিয়েই গণ্য কৰা হয়। মধ্য প্ৰদেশৰ ইন্দোৰত পাচলি বিক্ৰী কৰি কোনোমতে চলাই থকা পৰিয়ালৰ এগৰাকী ২৯ বছৰীয়া কন্যা অংকিতা নাগৰে চিভিল জাজৰ (civil judge) দৰে দ্বিতীয় শ্ৰেণীৰ পদৰ বাবে নিৰ্বাচিত হয়।
এই সাফল্য লাভৰ পিছত অংকিতা নাগৰে (Ankita Nagar) কয় যে বিচাৰক নিযুক্তি পৰীক্ষাত তিনিবাৰ বিফল হোৱাৰ পিছতো তেওঁ ৰৈ যোৱা নাছিল। কিয়নো সৰুৰে পৰা তেওঁৰ এই লক্ষ্য আছিল।
অংকিতা নাগৰে কয়, "মই মোৰ চতুৰ্থ প্ৰচেষ্টাত চিভিল জাজ শ্ৰেণী-২ নিযুক্তি পৰীক্ষা সফলতাৰে সমাপন কৰিছোঁ। মোৰ সুখ বৰ্ণনা কৰিবলৈ মোৰ ওচৰত শব্দ নাই।''
তেওঁ কৈছিল যে তেওঁৰ দেউতাক অশোক নাগৰে চহৰখনৰ মুছাখেড়ি অঞ্চলত পাচলি বিক্ৰী কৰে (living by selling vegetables) আৰু বিচাৰক নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত তেওঁক যথেষ্টখিনি সাহস দি আহিছিল।
সৰুৰে পৰা অংকিতাৰ অধ্যয়নত যথেষ্ট আগ্ৰহ আছিল, কিন্তু পৰিয়ালটোৰ আৰ্থিক অৱস্থা ভাল নাছিল। অংকিতাই নিজেই তেওঁৰ মাক আৰু দেউতাকক সহায় কৰিছিল আৰু কেতিয়াবা পাচলি বিক্ৰী কৰিবলৈ পাচলিৰ গাড়ী লৈ গৈছিল। কিন্তু অধ্যয়নৰ আগ্ৰহৰ বাবে তেওঁ কেতিয়াও পিছুৱাই অহা নাছিল।
এলএলএমত স্নাতকোত্তৰ শিক্ষা লাভ কৰা নাগৰে সৰুৰে পৰা আইন অধ্যয়ন কৰিব বিচাৰিছিল আৰু এলএলবি অধ্যয়নৰ সময়ত সিদ্ধান্ত লৈছিল যে তেওঁ বিচাৰক হ'ব।
ন্যায়াধীশ নিযুক্তি পৰীক্ষাত সন্তানৰ সফলতাৰ পিছত সংবাদ মাধ্যমৰ আগত পাচলি বিক্ৰেতা অশোক নাগৰে কৈছিল যে তেওঁৰ ছোৱালী এক উদাহৰণ, কিয়নো তেওঁ জীৱনত কঠিন সংগ্ৰাম কৰি কন্যা ডাঙৰ কৰিছিল আৰু কন্যাৰ ইচ্ছা পূৰণৰ চেষ্টা কৰিছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|