• Home
  • »
  • News
  • »
  • nation
  • »
  • Success Story: ন্যায়াধীশৰ গাড়ী চালকৰ কন্যাই ৰাজস্থান জুডিচিয়েল ছাৰ্ভিচ পৰীক্ষাত লাভ কৰিলে ৬৬ নং স্থান, ন্যায়াধীশ হ’বলৈ সাজু

Success Story: ন্যায়াধীশৰ গাড়ী চালকৰ কন্যাই ৰাজস্থান জুডিচিয়েল ছাৰ্ভিচ পৰীক্ষাত লাভ কৰিলে ৬৬ নং স্থান, ন্যায়াধীশ হ’বলৈ সাজু

Success Story: যি সময়ত বেছিভাগ মানুহে ছ’চিয়েল মিডিয়াত বহু সময় কটায়, সেই সময়ত যুৱতীগৰাকীয়ে নিজকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই ৰাখিছে। তাই ক’লে, “মোৰ কোনো ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্ট নাই। মই কেৱল হোৱাটছএপহে ব্যৱহাৰ কৰো, বেছিভাগেই মানুহৰ সৈতে যোগাযোগৰ বাবে।"

Success Story: যি সময়ত বেছিভাগ মানুহে ছ’চিয়েল মিডিয়াত বহু সময় কটায়, সেই সময়ত যুৱতীগৰাকীয়ে নিজকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই ৰাখিছে। তাই ক’লে, “মোৰ কোনো ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্ট নাই। মই কেৱল হোৱাটছএপহে ব্যৱহাৰ কৰো, বেছিভাগেই মানুহৰ সৈতে যোগাযোগৰ বাবে।"

Success Story: যি সময়ত বেছিভাগ মানুহে ছ’চিয়েল মিডিয়াত বহু সময় কটায়, সেই সময়ত যুৱতীগৰাকীয়ে নিজকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই ৰাখিছে। তাই ক’লে, “মোৰ কোনো ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্ট নাই। মই কেৱল হোৱাটছএপহে ব্যৱহাৰ কৰো, বেছিভাগেই মানুহৰ সৈতে যোগাযোগৰ বাবে।"

  • Share this:
ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (Rajasthan Chief Justice)ৰ চালকৰ কন্যা কাৰ্তিকা গেহলোটে (Kartika Gehlot) ৬৬ নম্বৰ ৰেংক লাভ কৰি ৰাজস্থান ন্যায়িক সেৱাৰ পৰীক্ষা (Rajasthan Judicial Services Exam)ত উত্তীৰ্ণ হৈছে। ২৩ বছৰীয়া যুৱতীগৰাকীয়ে কয় যে তেওঁ জানিছিল যে এদিন এনেকুৱা হ’ব, কাৰণ তেওঁৰ যিমানদূৰ মনত আছে তেওঁ কেৱল ক’লা কোট পিন্ধি ন্যায়াধীশ হোৱাৰ সপোনহে দেখিছেিল।

“মোৰ দেউতাই যোৱা ৩১ বছৰ ধৰি মুখ্য ন্যায়াধীশৰ ড্ৰাইভাৰ হিচাপে কাম কৰি আহিছে আৰু অতি কম বয়সতে মই ক’লা কোট আৰু ইয়াক আগুৰি থকা পৰিৱেশৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিলোঁ। শিশুৱে জীৱনৰ প্ৰতিটো পৰ্যায়তে নিজৰ সপোনৰ বৃত্তি সলনি কৰিলেও মোৰ মাত্ৰ এটা সপোন আছিল আৰু মই মাত্ৰ তাৰ দিশত কাম কৰিছোঁ।’ কাৰ্তিকাই এইদৰে কয়।

কাৰ্তিকাই যোধপুৰৰ ছেইণ্ট অষ্টিন’ছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু যোধপুৰৰ জয় নাৰায়ণ ব্যাস বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰিছিল। “মোৰ ৫ম আৰু ৬ম ষান্মাসিকৰ সময়ছোৱাত মই জিলা আদালতত ইন্টাৰ্ন আৰম্ভ কৰিছিলো, যিয়ে মোক আইনৰ প্ৰতি মোৰ আগ্ৰহ শিখৰত উপনীত হোৱাত সহায় কৰিছিল। কিন্তু Covid কালত মই Utkarsh app’s online courses ত নামভৰ্তি কৰিলোঁ, যিয়ে অৱশেষত মোৰ প্ৰস্তুতিত বহুত সহায় কৰিলে।"

পৰীক্ষাৰ প্ৰস্তুতিৰ বিষয়ে ক’বলৈ গ’লে তেওঁ কয়, “মোৰ দৈনন্দিন অধ্যয়নৰ সময়সূচী বেছিভাগেই নমনীয় আছিল, কিন্তু মই নিশ্চিত কৰিছিলোঁ যাতে পঢ়াত মোৰ ধাৰাবাহিকতা থাকে। দৈনিক কমেও ৩-৪ ঘণ্টা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিলোঁ। কিন্তু যেতিয়া পৰীক্ষাৰ তাৰিখ ঘোষণা হৈছিল, তেতিয়া মই প্ৰতিদিনে ১০-১২ ঘণ্টা সময় দিছিলো, কিন্তু এই সময়লৈকে মই বেছিভাগেই ৰিভিজন কৰিছিলো।" সংগীত শুনি ভাল পোৱা কাৰ্তিকাই কয়, "সংগীতে মোক ভালদৰে মনোনিৱেশ কৰাত সহায় কৰিছিল।"

‘বিদ্যালয়ত আইনৰ পাঠ্যক্ৰম অধিক হ’ব লাগে'
আইন অধ্যয়ন কৰা মহিলাৰ বিষয়ে কোৱাৰ সময়ত তেওঁ কয় যে “শেহতীয়াকৈ মই এটা গোচৰ শুনিছিলো যেতিয়া কিছুমান অভিভাৱকে তেওঁলোকৰ ছোৱালীক আইন পঢ়াটো নিবিচাৰিছিল কাৰণ তেওঁলোকে আশংকা কৰিছিল যে যদি তাই আইন পঢ়িব তেন্তে তাই বিয়া নহ’ব। কিন্তু, মই বিশ্বাস কৰোঁ যে অধিক মহিলাই আইন অধ্যয়ন কৰি অধিক স্বাধীন আৰু ক্ষমতাশালী হোৱা উচিত।"

তেওঁ লগতে কয়, “কেৱল মহিলাই নহয়, সকলোৰে আইনৰ বিষয়ে ভালদৰে মৌলিক জ্ঞান থাকিব লাগে। ইয়াৰ দ্বাৰা বহু লোকে নিজৰ দৈনন্দিন জীৱনত নিজৰ অধিকাৰৰ বাবে যুঁজ দিয়াত সহায় কৰিব পাৰে। ইয়াৰ বাবে বিদ্যালয়সমূহেও ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পাঠ্যক্ৰমত আইন সম্পৰ্কে অধিক শিকাব লাগে।"

কাৰ্তিকাই কয় যে পৰিয়ালৰ সহায়ৰ বাবেই তেওঁৰ পৰীক্ষাত ক্লিয়াৰ হোৱাটো সম্ভৱ হৈছিল। তেওঁ লগতে কয়, “মই বহু নিৰ্দেশনাও লাভ কৰিছো, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গোবিন্দ মাথুৰৰ পৰা, যিয়ে মোক একাধিক পৰ্যায়ত সহায় কৰিছে।”

তেওঁক অনুপ্ৰাণিত কৰাৰ লগতে সকলো প্ৰকাৰে সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত মাতৃৰ প্ৰচেষ্টাও বিশেষভাৱে উল্লেখযোগ্য বুলি কয় কাৰ্তিকাৰ পিতৃ ৰাজেন্দ্ৰ গেহলোটে।

আমোদজনক কথাটো হ’ল, যি সময়ত বেছিভাগ মানুহে ছ’চিয়েল মিডিয়াত বহু সময় কটায়, সেই সময়ত যুৱতীগৰাকীয়ে নিজকে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই ৰাখিছে। তাই ক’লে, “মোৰ কোনো ফেচবুক বা ইনষ্টাগ্ৰাম একাউণ্ট নাই। মই কেৱল হোৱাটছএপহে ব্যৱহাৰ কৰো, বেছিভাগেই মানুহৰ সৈতে যোগাযোগৰ বাবে।"
Published by:Manjumoni Borah
First published: