• Home
  • »
  • News
  • »
  • nation
  • »
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেলৰ দায়িত্বত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জিয়ৰী? কোন তেওঁ?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেলৰ দায়িত্বত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জিয়ৰী? কোন তেওঁ?

উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ।

উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ।

উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ।

  • Share this:
মাৰ্কিন সেনা বাহিনীত উজলি উঠিছে ছিকিমৰ পেৰিলা ভাণ্ডাৰী। উত্তৰ -পূৰ্বাঞ্চলৰ সাহসী মহিলা পেৰিলা ভাণ্ডাৰীয়ে পূৰ্বোত্তৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা বাহিনীৰ বিষয়াৰ পদত সুখ্যাতিৰে কৰ্য্যনিৰ্বাহ কৰি আছে পেৰিলা ভাণ্ডাৰীয়ে। মাৰ্কিন সেনা বিষয়া হিচাপে দক্ষতাৰে তিনিটাকৈ কমবেট ট্যুৰ সফলতাৰে সমাপ্ত কৰাৰ লগতে একাধিক পুৰস্কাৰ লাভ কৰা পেৰিলাই শেহতীয়াকৈ ২১ মে’ত মাৰ্কিন সেনাৰ লেফটেনেণ্ট কৰ্ণেল পদলৈ পদোন্নতি লাভ কৰে। সেয়ে নহয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্মীৰ ছোল্ডাৰ অফ দ্যা ইয়েৰ, লজিষ্টিক ৱাৰিঅৰ আৰু মিলিটাৰী লিডাৰশ্বীপ এৱাৰ্ড লাভ কৰে ভাৰতীয় গোৰ্থা সম্প্ৰদিয়ৰ ছিকিমৰ মহিলা পেৰিলা ভাণ্ডাৰীয়ে। পেৰিলাৰ পিতৃ হ’ল ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত নুৰ বাহাদুৰ ভাণ্ডাৰী আৰু মাক হ’ল প্ৰাক্তন সাংসদ দিল কুমাৰী ভাণ্ডাৰী। পেৰিলাৰ সফলতাৰ বাবে দেশবাসীৰ লগতে উত্তৰ-পূৰ্বাঞ্চল বিশেষকৈ ছিকিমৰ জনসাধাৰণ উৎফুল্লিত।

<iframe frameborder="0" width="100%" height="600" scrolling="auto" allowtransparency="true" src="https://news18.survey.fm/post-lockdown-behaviour-assamese?iframe=1"><a href="https://news18.survey.fm/post-lockdown-behaviour-assamese">View Survey</a></iframe>
First published: