মাতৃৰ বাবে দৰা বিচাৰি আছে এইগৰাকী যুৱতীয়ে, দৰাৰ বাবে ৰাখিছে তিনিটা চৰ্ত

আচহুৱা হ’লেও এয়াই সত্য। এগৰাকী যুৱতীয়ে নিজৰ মাতৃৰ বাবে বিচাৰি আছে দৰা।

News18-Assam
Updated:November 3, 2019, 11:03 AM IST
মাতৃৰ বাবে দৰা বিচাৰি আছে এইগৰাকী যুৱতীয়ে, দৰাৰ বাবে ৰাখিছে তিনিটা চৰ্ত
আচহুৱা হ’লেও এয়াই সত্য। এগৰাকী যুৱতীয়ে নিজৰ মাতৃৰ বাবে বিচাৰি আছে দৰা।
News18-Assam
Updated: November 3, 2019, 11:03 AM IST
পিতৃ–মাতৃয়ে নিজৰ কন্যাৰ বাবে দৰা বিচৰাটো স্বাভাৱিক। কিন্তু যদি কন্যাই নিজৰ মাতৃৰ বাবে দৰা বিচাৰে, তেন্তে সেয়া নিশ্চয়কৈ এক আচহুৱা কথা যেনেই লাগিব। কিন্তু আচহুৱা হ’লেও এয়াই সত্য। এগৰাকী যুৱতীয়ে নিজৰ মাতৃৰ বাবে বিচাৰি আছে দৰা। দৰা বিচাৰি টুইটো কৰিছে যুৱতীগৰাকীয়ে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই পোষ্টটো।

আস্থা বাৰ্মা নামৰ যুৱতীগৰাকীয়ে টুইটাৰত নিজৰ আৰু মাতৃৰ ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছে – মোৰ মাৰ বাবে এজন সুন্দৰ, ৫০ বছৰ বয়সীয়া ব্যক্তি বিচাৰি আছো। তেওঁ নিৰামিষভোজী, সুৰাপান নকৰা আৰু ভাল সংস্থাপন থকা হ’ব লাগিব। আস্থাৰ এই পোষ্টটো বিভিন্নজনে শ্বেয়াৰ কৰাৰ লগতে কমেণ্টো কৰিছে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি