TikTok ভিডিঅ’ বনাবলৈ পানীত জঁপিয়াই মৃত্যুক সাবটিলে যুৱকে

ঘটনাৰ পিছতে বানত ষ্টাণ্ট কৰাৰ ভিডিঅ’ আৰু ফটো পোহৰলৈ আহিছে।

News18-Assam
Updated:July 26, 2019, 10:55 AM IST
TikTok ভিডিঅ’ বনাবলৈ পানীত জঁপিয়াই মৃত্যুক সাবটিলে যুৱকে
ঘটনাৰ পিছতে বানত ষ্টাণ্ট কৰাৰ ভিডিঅ’ আৰু ফটো পোহৰলৈ আহিছে।
News18-Assam
Updated: July 26, 2019, 10:55 AM IST
TikTok ভিডিঅ’ বনাবলৈ গৈ মৃত্যু হ’ল এজন যুৱকৰ। বানপানীত ষ্টাণ্ট কৰিবলৈ গৈ পানীত ডুবি মৃত্যু হয় যুৱকজনৰ। বিহাৰৰ দৰভাংগাৰ কেৱটী প্ৰখণ্ডৰ লালা চৰৰ সমীপত সংঘটিত হয় এই ঘটন। অদলপুৰ গাঁৱৰ তিনিজন বন্ধু ক্ৰমে কাছিম, আফজল আৰু ছিতাৰে বান চাবলৈ কেৱটীলৈ গৈছিল। পানীৰ কোবাল সোঁতত ভয়ংকৰ ষ্টাণ্ড কৰি ম’বাইলত ফটো তোলাত ব্যস্ত হৈছিল তিনিও। ইমানতে ক্ষান্ত নাথাকি TikTokৰ বাবে ভিডিঅ’ প্ৰস্তুত কৰিবলৈ লয় তিনি বন্ধুৱে। ভিডিঅ’ বনাই থকাৰ মাজতে বানত নিখোজ হয় আফজল। তিনিদিন পিছত NDRFৰ দলে উদ্ধাৰ কৰে আফজলৰ মৃতদেহ।

ঘটনাৰ পিছতে বানত ষ্টাণ্ট কৰাৰ ভিডিঅ’ আৰু ফটো পোহৰলৈ আহিছে। ভিডিঅ’ত দেখা গৈছে যে কাছিমে ৰাস্তাৰ পৰা দৌৰি গৈ পানীৰ কোবাল সোঁতত জাঁপ দিছে। কাছিমৰ সৈতে পানীত জঁপিয়াইছে আন এজন বন্ধুৱে। আন এজনে এই দৃশ্য বন্দী কৰিছে কেমেৰাত।

পানীৰ সোঁতত উটি যাবলৈ ধৰা কাছমিক বচাবলৈ পানীত জাঁপ দিয়ে আফজলে। কিন্তু পানীৰ সোবাল সোঁতৰ পৰা কোনোমতে পাৰলৈ উঠে কাছিম। কিন্তু তেওঁক বচাবলৈ জাঁপ দিয়া আফজল নিখোজ হয় পানীৰ মাজত। তাৰ পিছত ম’বাইলত ভিডিঅ’ কৰি থকা তৃতীয়জন বন্ধুও আফজলৰ সন্ধানত পানীত জাঁপ দিয়ে। কিন্তু তেতিয়ালৈ আফজল পানীত ডুবি সন্ধানহীন হৈ পৰিছিল। আৰু তিনিদিন পিছত উদ্ধাৰ হয় আফজলৰ মৃতদেহ।
আৰু চাওক পৰৱৰ্তী বাতৰি