ৰে'ললাইনত হোৱা কোনো ত্ৰুটিৰ বাবেই বিকানেৰ এক্সপ্ৰেছ (Bikaner express accident) লাইনচ্যুত হৈছিল নেকি? দুৰ্ঘটনাটোৰ পিছত ৰে'ল বিভাগৰ বিষয়াসকলে প্ৰথমতে এই সন্দেহ কৰিছে৷ ইয়াৰ উপৰি বিকানেৰ এক্সপ্ৰেছত অত্যাধুনিক LHB ডবাৰ পৰিৱৰ্তে পুৰণি ICF ডবাৰ বাবেও ক্ষতি অধিক হোৱাৰ আশংকা কৰিছে ৷
প্ৰাৰম্ভিক বাতৰি অনুসৰি, মাইনাগুড়িৰ দোমোহনীত উজনিমুৱা বিকানেৰ এক্সপ্ৰেছ লাইনচ্যুত হয় ৷ দুৰ্ঘটনাটোৰ (Train Accident in North Bengal) ফলত ছয়টা ডবা লাইনচ্যুত হৈছিল ৷ এটা ডবাৰ ওপৰত আন এটা ডবা পৰিছিল ৷ ৰে'লৱে বিষয়াসকলৰ প্ৰাৰম্ভিকভৱে অনুমান কৰিছে যে ৰে'ল লাইনত সম্ভৱতঃ ফাট মেলিছিল নাইবা আন কোনো ত্ৰুটি আছিল ৷ ইঞ্জিন আৰু প্ৰথম কেইটামান ডবা পাৰ হৈ যোৱাৰ পিছতে লাইনৰ ফাটবোৰ সম্ভৱতঃ ডাঙৰ হৈ গৈছিল আৰু বাকী ডবাবোৰ লাইনচ্যুত হৈছিল৷
এইটোও পঢ়ক : Guwahati-Bikaner express train accident: বিশেষ ৰে'লেৰে গুৱাহাটীলৈ অনা হৈছে অসমৰ যাত্ৰীসকলক, গুৱাহাটীৰ পৰা বাছেৰে ঘৰলৈ প্ৰেৰণৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ
তদুপৰি, ৰে'ল বিষয়াসকলৰ মতে বিকানেৰ এক্সপ্ৰেছৰ সকলো ডবা পুৰণি ICF মডেলৰ আছিল৷ যদি নতুন প্ৰযুক্তিৰ LHB ডবা থাকিলহেঁতেন, তেন্তে দুৰ্ঘটনাটোৰ আকস্মিক ক্ষতি তুলনাকভাৱে কম হ'লহেঁতেন বুলি মত দিছে ৰে'ল বিষয়াসকলে ৷ তেনে ক্ষেত্ৰত দুৰ্ঘটনাৰ ফলত ডবাৰ ভিতৰত আঘাত কম হ'লহেঁতেন৷
এইটোও পঢ়ক : নিউজ চেনেলৰ ৰেটিং প্ৰক্ৰিয়াৰ আৰম্ভৰ নিৰ্দেশ, কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক আদৰণি NBDAৰ
উত্তৰপূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া গুনিত কৌৰে কয় যে দুৰ্ঘটনাটো সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হৈছিল কিন্তু দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|