মন্দিৰত প্ৰৱেশ কৰাৰ বাবেই কিশোৰক হাতে–ভৰিয়ে বান্ধি প্ৰহাৰ

উন্মত্ত দলটোক কিশোৰজনে বাৰে বাৰে হাতযোৰ কৰি ক্ষমা বিচাৰিছিল আৰু ভৱিষ্যতে মন্দিৰলৈ নাযাওঁ বুলি কৈছিল।

news18assam
Updated:June 5, 2019, 2:25 PM IST
মন্দিৰত প্ৰৱেশ কৰাৰ বাবেই কিশোৰক হাতে–ভৰিয়ে বান্ধি প্ৰহাৰ
উন্মত্ত দলটোক কিশোৰজনে বাৰে বাৰে হাতযোৰ কৰি ক্ষমা বিচাৰিছিল আৰু ভৱিষ্যতে মন্দিৰলৈ নাযাওঁ বুলি কৈছিল।
news18assam
Updated: June 5, 2019, 2:25 PM IST
ৰাজস্থানৰ পালী জিলাত এজন দলিত সম্প্ৰদায়ৰ কিশোৰক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাটো ৰাস থানাৰ অন্তৰ্গত ধমেৰিয়া গাঁৱৰ। কিশোৰজনে মন্দিৰত প্ৰৱেশ কৰাৰ বাবেই একাংশ লোকে হাত–ভৰি বান্ধি মাটিত বগৰাই বগৰাই প্ৰহাৰ কৰে। উন্মত্ত দলটোক কিশোৰজনে বাৰে বাৰে হাতযোৰ কৰি ক্ষমা বিচাৰিছিল আৰু ভৱিষ্যতে মন্দিৰলৈ নাযাওঁ বুলি কৈছিল। কিন্তু কিশোৰজনৰ অনুৰোধ উপেক্ষা কৰি উন্মত্ত দলটোৱে চলাই গ’ল অকথ্য নিৰ্যাতন। এই ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰে একাংশ লোকে। এই ঘটনাটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এজন অভিযুক্তই ভুক্তভোগী কিশোৰজনৰ বিৰুদ্ধে নিজৰ কন্যাক অপদস্থ কৰাৰ অভিযোগত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভুক্তভোগী কিশোৰজনক আটক কৰিছে। ইফালে, কিশোৰজনৰ মোমায়েকেও অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি