দেশত আকৌ কোৰোণা ভাইৰাছৰ সংহাৰী ৰূপ! যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ১৪ হাজাৰৰো অধিক লোক, ঠায়ে ঠায়ে ল'কডাউন ঘোষণা

কোৰোণাৰ ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকাৰ মাজতে ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ
কোৰোণাৰ ভেকচিন প্ৰদান কাৰ্যসূচী চলি থকাৰ মাজতে ভয়ংকৰ গতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণ
- News18 Assam
- Last Updated: February 20, 2021, 11:41 AM IST
বিগত ২৭ দিনৰ ভিতৰত শুকুৰবাৰে সৰ্বাধিক লোক আক্ৰান্ত হ'ল কোৰোণাত। ইয়াৰে ১০১ গৰাকী লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে। ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰত দ্ৰুতগতিত বাঢ়িছে আক্ৰান্ত ৰোগীৰ সংখ্যা। মুম্বাইত দৈনিক সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোৰোণাত। সেইদৰে সংক্ৰমণ বাঢ়িছে মধ্যপ্ৰদেশ আৰু পঞ্জাৱত।
আনহাতে বাঢ়ি অহা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত পুনৰ বন্ধ কৰা হৈছে শিক্ষানুষ্ঠান। ঠিক সেইদৰে ৰাজ্যখনৰ অমৰাৱতী, য়ৱটমাল আৰু আকোলাত শনিবাৰে আৰু দেওবাৰে ল'কডাউন ঘোষণা কৰা হৈছে।