মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ! জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে দৰমহা!

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ! জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে দৰমহা!

News18 Assam | News18-Assam
Updated:January 5, 2021, 9:37 AM IST
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ! জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে দৰমহা!
২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰীৰ পৰা ৪ শতাংশ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।

২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰীৰ পৰা ৪ শতাংশ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল।

  • Share this:
নতুন বছৰত ভাল খবৰ। জানুৱাৰীৰ পৰা দৰমহা বৃদ্ধি পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ। জনা গৈছে, কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ জানুৱাৰী মাহৰ পৰা ৪ শতাংশ বৃদ্ধিৰ সম্ভাৱনা আছে। ৰিপ’ৰ্টত আৰু জনোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলে জুনলৈ হয়তো অপেক্ষা কৰিব নালাগিব পাৰে। সপ্তম দৰমহা আয়োগৰ হিচাপত ডিএ বৃদ্ধি কৰা হ’ব।

২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰীৰ পৰা ৪ শতাংশ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। বৰ্তমান বেছিক পে’ বা পেনচনৰ ১৭ শতাংশ ডি এ হিচাপে দিয়া হয়। এই ১৭ শতাংশত আৰু ৪ শতাংশ ডি এ দিয়াৰ ঘোষণা হৈছিল। ফলত ১৭ শতাংশৰ পৰা ডি এ বৃদ্ধি হৈ ২১ শতাংশ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী। ইয়াৰ বাবে অতিৰিক্ত ১৪,৫৯৫ কোটি টকা খৰচ হ’ব।
Published by: Sanjay Kumar Das
First published: January 5, 2021, 9:37 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি