உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Cyclone Yaas Flood Alert : ঘূৰ্ণী বতাহৰ মাজতে এইবাৰ বানৰ আশংকা! বিশেষ সতৰ্কতা জাৰি এই জিলাসমূহত

    Cyclone Yaas Flood Alert : ঘূৰ্ণী বতাহৰ মাজতে এইবাৰ বানৰ আশংকা! বিশেষ সতৰ্কতা জাৰি এই জিলাসমূহত

    বতৰ বিজ্ঞান বিভাগে জনাইছে, মঙলবাৰৰ পৰাই পূব মেদিনীপুৰ, পশ্চিম মেদিনীপুৰ, উত্তৰ ২৪ পৰগনা, দক্ষিণ ২৪ পৰগনা, কলকাতা, হাওৰা আৰু হুগলীত মূষলধাৰ বৰষুণ হ’ব পাৰে।

    • Share this:

    পশ্চিম বংগক ঘূৰ্ণী বতাহে এইপৰ্যন্ত বিপৰ্যস্ত কৰিব নোৱাৰিলেও ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ঘূৰ্ণী বতাহ য়াছে। সেই মতে আগতীয়া প্ৰস্তুতি হিচাপে বিভিন্ন জিলাক বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। পূব মেদিনীপুৰ, পশ্চিম মেদিনীপুৰ, ঝাড়গ্ৰাম, পশ্চিম বৰ্ধমান, পূব বৰ্ধমান, বীৰভূম, পুৰুলিয়া, মুৰ্ছিদাবাদ, বাঁকুৰা, নদিয়া আৰু হুগলী জিলাত বানৰ সতৰ্কবাণী জাৰি কৰিছে ৰাজ্য চৰকাৰে। এই জিলাসমূহত নদীৰ জলস্তৰ সকলো সময়তে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

    বতৰ বিজ্ঞান বিভাগে জনাইছে, মঙলবাৰৰ পৰাই পূব মেদিনীপুৰ, পশ্চিম মেদিনীপুৰ, উত্তৰ ২৪ পৰগনা, দক্ষিণ ২৪ পৰগনা, কলকাতা, হাওৰা আৰু হুগলীত মূষলধাৰ বৰষুণ হ’ব পাৰে। ফলত ৰাজ্যজুৰি ক্ৰমশ ঘণীভূত হ’ব পাৰে বান পৰিস্থিতি। বুধবাৰে মূষলধাৰ বৰষুণৰ আগজাননী উপকূলীয় জিলা আৰু পশ্চিম অঞ্চলৰ জিলাসমূহত। এই দিনটোতে ওড়িশাৰ বালেশ্বৰৰ দক্ষিণ প্ৰান্তত ঘূৰ্ণী বতাহ য়াছৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

    Published by:Sanjay Kumar Das
    First published: