• Home
  • »
  • News
  • »
  • nation
  • »
  • ঘূৰ্ণীবতাহ 'য়াছ'ৰ প্ৰচণ্ড ৰূপ! হঠাত্‍ ঘৰৰ পৰা ওলাই আহিল এইজন লোক! সাংবাদিকক ক'লে এনেদৰে, ভাইৰেল ভিডিঅ'ই দিছে আমোদ...

ঘূৰ্ণীবতাহ 'য়াছ'ৰ প্ৰচণ্ড ৰূপ! হঠাত্‍ ঘৰৰ পৰা ওলাই আহিল এইজন লোক! সাংবাদিকক ক'লে এনেদৰে, ভাইৰেল ভিডিঅ'ই দিছে আমোদ...

উৰিষ্যাত ঘূৰ্ণীবতাহ য়াছে বুধবাৰৰ দিনটোত চলায় ধ্বংসলীলা। বুধবাৰে পুৱা ৯.১৫ বজাত ৰাজ্যখনত ধামৰা বন্দৰত তাণ্ডৱ চলায়।

উৰিষ্যাত ঘূৰ্ণীবতাহ য়াছে বুধবাৰৰ দিনটোত চলায় ধ্বংসলীলা। বুধবাৰে পুৱা ৯.১৫ বজাত ৰাজ্যখনত ধামৰা বন্দৰত তাণ্ডৱ চলায়।

উৰিষ্যাত ঘূৰ্ণীবতাহ য়াছে বুধবাৰৰ দিনটোত চলায় ধ্বংসলীলা। বুধবাৰে পুৱা ৯.১৫ বজাত ৰাজ্যখনত ধামৰা বন্দৰত তাণ্ডৱ চলায়।

  • Share this:
ঘূৰ্ণীবতাহ তাউতেৰ পিছতে এইবাৰ য়াছে চলাইছে তাণ্ডৱ। বুধবাৰে পুৱা উৰিষ্যা-বংগ সীমান্তত সাগৰীয় বতাহজাকে খুন্দা মৰাৰ ফলতে দুয়োখন ৰাজ্যৰ উপকূলীয় অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন হয়। ঘূৰ্ণীবতাহজাকে চলোৱা ধ্বংসলীলাৰ পিছত বৰ্তমানে ৰাজ্য দুখনত উদ্ধাৰ অভিযান চলি আছে। এনে সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক আমোদজনক ভিডিও।

দৰাচলতে সাগৰীয় বতাহজাকৰ ত্ৰাসৰ মাজতে ঘৰৰ পৰা ওলাই আহিছিল এগৰাকী ব্যক্তি। প্ৰতিকূল পৰিস্থিতিত কিয় ঘৰৰ পৰা ওলাই আহিছে বুলি এগৰাকী সাংবাদিকে প্ৰশ্ন কৰিছিল লোকজনক। সাংবাদিকৰ এনে প্ৰশ্নৰ উত্তৰত লোকজনে কৈছিল, আপুনিও বাহিৰত আছে ? সাংবাদিকজনে বাতৰি যুগুতাবলৈ ওলাই আহিছে বুলি কোৱাত লোকজনে কৈছিল "মই সেই বাবেই ওলাই আহিছে, যদি মই ওলাই নাহো, আপুনি কেনেদৰে বাতৰি লাভ কৰিব ? "



সাংবাদিক আৰু ব্যক্তিগৰাকীৰ মাজৰ এই কথোপকথনৰ ভিডিওই এতিয়া চৰ্চা লাভ কৰিছে সকলোতে। ভিডিওটোৱে দৃষ্টি কাঢ়িছে আইপিএছ বিষয়া অৰুণ বোথ্ৰাৰো । আইপিএছ বিষয়াগৰাকীয়েও সেই ভিডিঅ'টো টুইটাৰত শ্বেয়াৰ কৰি আমোদ লোৱা দেখিবলৈ পোৱা গৈছে ।

বোথ্ৰাই ভিডিঅ'টোৰ শ্বেয়াৰ কেপচনত লিখিছিল "ইমান দয়ালু মানুহ। মানৱতাৰ বাবে ইমান খিনি কৰি আছে ।"

উল্লেখ্য যে, উৰিষ্যাত ঘূৰ্ণীবতাহ য়াছে বুধবাৰৰ দিনটোত চলায় ধ্বংসলীলা । বুধবাৰে পুৱা ৯.১৫ বজাত ৰাজ্যখনত ধামৰা বন্দৰত তাণ্ডৱ চলায়। তীব্ৰ বতাহ আৰু প্ৰচণ্ড জোৱাৰে উৰিষ্যা আৰু পশ্চিম বংগৰ বহুতো উপকূলীয় চহৰ আৰু গাঁওসমূহত সাগৰৰ পানী প্ৰবাহিত হোৱা দেখা গৈছিল।
Published by:Himangshu Bhuyan
First published: