আহি আছে ‘বায়ু’, গুজৰাটত ৬জনৰ প্ৰাণহানি, ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা

আজি দুপৰীয়াৰ ভাগত গুজৰাটৰ পোৰবন্দৰ, কচ্চ আদি অঞ্চলত খুন্দা মাৰিব পাৰে ‘বায়ু’–এ। প্ৰতিঘণ্টাত ১৫৫ৰ পৰা ১৫৬ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

news18assam
Updated:June 13, 2019, 8:11 AM IST
আহি আছে ‘বায়ু’, গুজৰাটত ৬জনৰ প্ৰাণহানি, ঘণ্টাত ১৫৬ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা
আজি দুপৰীয়াৰ ভাগত গুজৰাটৰ পোৰবন্দৰ, কচ্চ আদি অঞ্চলত খুন্দা মাৰিব পাৰে ‘বায়ু’–এ। প্ৰতিঘণ্টাত ১৫৫ৰ পৰা ১৫৬ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।
news18assam
Updated: June 13, 2019, 8:11 AM IST
ঘূৰ্ণীবতাহ ‘বায়ু’ দ্ৰুতগতিত আগবাঢ়িছে গুজৰাটৰ উপকূলীয় অঞ্চলৰ দিশে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, আজি দুপৰীয়াৰ ভাগত গুজৰাটৰ পোৰবন্দৰ, কচ্চ আদি অঞ্চলত খুন্দা মাৰিব পাৰে ‘বায়ু’–এ। প্ৰতিঘণ্টাত ১৫৫ৰ পৰা ১৫৬ কিলোমিটাৰ বেগত ধুমুহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। বুধবাৰৰ সন্ধিয়াৰ পৰা এই অঞ্চলসমূহত প্ৰচণ্ড বতাহ বলাৰ লগতে সমুদ্ৰপৃষ্ঠত ওখ ঢৌ পৰিলক্ষিত হৈছে।

এই ঘূৰ্ণী বতাহৰ ফলত এতিয়ালৈকে ৬জন লোকৰ মৃত্যুৰ খবৰ আহিছে। নৰ্মদা আৰু তাপী অঞ্চলত দুজনকৈ লোকৰ মৃত্যু হৈছে। ইফালে, ডাংগ আৰু গান্ধীনগৰত এজনকৈ লোকৰ মৃত্যু হৈছে এই ধুমুহাৰ ফলত।

এই ঘূৰ্ণীবতাহৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। এতিয়ালৈ তিনি লাখতকৈ অধিক লোকক স্থানান্তৰ কৰা হৈছে সুৰক্ষিত স্থানলৈ। ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি এই অঞ্চলসমূহেৰে যোৱা ৰে’লসমূহ বাতিল কৰা হৈছে। গুজৰাটৰ কেইবাখনো জিলাত বন্ধ

ঘোষণা কৰা হৈছে স্কুল। মাছমৰীয়াসকলক সাগৰত মাছ মৰাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়া হৈছে।

IMDৰ তথ্য অনুসৰি ‘বায়ু’ৰ প্ৰভাৱত আহমেদাবাদ, গান্ধীনগৰ আৰু ৰাজকোটৰ লগতে উপকূলীয় অঞ্চল ৱেৰাৱল, ভুজ আৰু চুৰাটত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি সৌৰাষ্ট্ৰৰ ভাৱনগৰ, আমৰেলী, সোমনাথ, ৱেৰাৱল, জামনগৰ, পোৰবন্দৰ আৰু কচ্চত ধুমুহাৰ লগতে বৰষুণ হ’ব পাৰে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি