লেণ্ডফলৰ দিশে মহা ঘূৰ্ণী ‘নিসৰ্গ’, প্ৰৱল তাণ্ডৱৰ আশংকাত সকীয়নি IMD প্ৰধানৰ, গুজৰাটত বজ্ৰপাত

News18 Assam | News18-Assam
Updated:June 3, 2020, 11:49 AM IST
লেণ্ডফলৰ দিশে মহা ঘূৰ্ণী ‘নিসৰ্গ’, প্ৰৱল তাণ্ডৱৰ আশংকাত সকীয়নি IMD প্ৰধানৰ, গুজৰাটত বজ্ৰপাত
চিভিয়াৰ চাইক্লনত পৰিণত 'নিসর্গ'। পিছবেলা লেণ্ডফল হ’ল ঘূৰ্ণীজাকৰ। ইয়াৰ পিছত প্ৰায় ৬ঘণ্টা ধৰি তাণ্ডৱ চলাব ঘূৰ্ণীবতাহজাকে। 

চিভিয়াৰ চাইক্লনত পৰিণত 'নিসর্গ'। পিছবেলা লেণ্ডফল হ’ল ঘূৰ্ণীজাকৰ। ইয়াৰ পিছত প্ৰায় ৬ঘণ্টা ধৰি তাণ্ডৱ চলাব ঘূৰ্ণীবতাহজাকে। 

  • Share this:
মুম্বাইঃ আশংকা সত্য হোৱাৰ দিশেষ চিভিয়াৰ চাইক্লনত পৰিণত 'নিসর্গ'। পিছফালে লেণ্ডফল হ’ব ঘূৰ্ণীবতাহ ‘নিসৰ্গ’। তাৰ পিছত অন্তত ছয়ঘণ্টা ধৰি চলিব প্ৰৱল তাণ্ডৱ।

বুধবাৰে বতৰ বিজ্ঞানৰ শেহতীয়া তথ্য মতে লেণ্ডফলৰ সময়ত বতাহৰ গতিবেগ থাকিব অন্ততঃ ১০০-১২০ কিলোমিটাৰ প্রতি ঘণ্টাত। ইয়াৰ ফলত মুম্বাই সহ মহাৰাষ্ট্ৰৰ একাধিক জিলাত যথেষ্ট ধ্বংসলীলা চলিব পাৰে। ঘূৰ্ণীবতাহৰ তাণ্ডৱৰ কাৰণে ঘৰ–দুৱাৰ ভঙাৰ লগতে টেলিফোনৰ টাৱাৰ, বিদ্যুতৰ খুঁটা, ডাঙৰ গছ ভাঙি পৰিব পাৰে। বিচ্ছিন্ন হ’ব পাৰে ইণ্টাৰনেট তথা বিদ্যুৎ সংযোগ। অৰ্থাৎ ‘আমফান’ৰ অনুৰূপ ‘নিসৰ্গ’ইও যে যথেষ্ট ক্ষতিসাধন কৰিব সেয়া নিশ্চিত। কেৱল মহাৰাষ্ট্ৰই নহয় গুজৰাটতো যথেষ্ট ক্ষয়–ক্ষতিৰ আশংকা কৰা হৈছে।

ইতিমধ্যে স্পৰ্শকাতৰ ঠাইসমূহত এনডিআৰএফৰ বাহিনী মোতায়েন কৰাৰ লগতে সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। ইতিমধ্যে মহাৰাষ্ট্ৰ তথা গুজৰাটৰ মুখ্যমন্ত্রীদ্বয়ৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।

 
First published: June 3, 2020, 11:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading