উত্তৰ ভাৰতত শীতৰ মাজতে দক্ষিণ ভাৰতৰ বতৰ ঘূৰ্ণী বতাহৰ বাবে হঠাৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণী বতাহ ‘মেণ্ডুছ’–এ আজি চেন্নাইৰ উপকূলেৰে পাৰ হ’ব, যাৰ বাবে এনডিআৰএফৰ দল সাজু হৈ আছে আৰু কেইবাখনো জিলাত স্কুল–কলেজ বন্ধ ঘোষণা কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, বংগৰ উপকূলত সৃষ্ট ঘূৰ্ণী বতাহ ‘মেণ্ডুছ’ আজি অৰ্থাৎ ৯ ডিচেম্বৰৰ নিশা অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা আৰু পুডুচেৰীৰ মাজেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ কেইবাটাও অংশত মূষলধাৰ বৰষুণৰ সম্ভাৱনা আছে।
বতৰ বিজ্ঞান বিভাগৰ মতে, ‘মেণ্ডুছ’–এ উত্তৰ তামিলনাডু, পুডুচেৰী আৰু পুডুচেৰী আৰু শ্ৰীহৰিকোটাৰ মাজেৰে দক্ষিণ অন্ধ্ৰ প্ৰদেশৰ উপকূলেৰে ৬৫–৭৫ কিলোমিটাৰ প্ৰতিঘণ্টাৰ গতিবেগত আজি মাজনিশাৰ পৰা ১০ ডিচেম্বৰৰ পুৱাৰ ভিতৰত পাৰ হোৱাৰ সম্ভাৱনা আছে।
ঘূৰ্ণী বতাহ মেণ্ডুছৰ প্ৰতি লক্ষ্য ৰাখি তামিলনাডুৰ তিনিখন জিলা চেংগালপট্টু, ভিলুপুৰম আৰু কাঞ্চীপুৰমত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। অন্ধ্ৰ প্ৰদেশৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বংগৰ দক্ষিণ–পশ্চিম উপকূলৰ ওপৰেৰে মেণ্ডুছ বিগত ৬ ঘণ্টাত প্ৰায় ১২ কিলোমিটাৰ প্ৰতিঘণ্টাৰ গতিবেগত পশ্চিম–উত্তৰ–পশ্চিম দিশে আগবাঢ়িছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|