• Home
  • »
  • News
  • »
  • nation
  • »
  • Cyclone Jawad : ৪ ডিচেম্বৰত ১০০ কিলোমিটাৰ গতিবেগত আহিব পাৰে ভয়ংকৰ জাৱাড! ক’ত পৰিব প্ৰভাৱ?

Cyclone Jawad : ৪ ডিচেম্বৰত ১০০ কিলোমিটাৰ গতিবেগত আহিব পাৰে ভয়ংকৰ জাৱাড! ক’ত পৰিব প্ৰভাৱ?

বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা এই ঘূৰ্ণীবতাহৰ ক্ষয়–ক্ষতি প্ৰতিহত কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠক।

বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা এই ঘূৰ্ণীবতাহৰ ক্ষয়–ক্ষতি প্ৰতিহত কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠক।

বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা এই ঘূৰ্ণীবতাহৰ ক্ষয়–ক্ষতি প্ৰতিহত কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠক।

  • Share this:
ঘূৰ্ণীবতাহ জাৱাড (Jawad)ক লৈ দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক The National Crisis Management Committeeৰ। বিভিন্ন ৰাজ্যৰ প্ৰশাসনৰ ফালৰ পৰা এই ঘূৰ্ণীবতাহৰ ক্ষয়–ক্ষতি প্ৰতিহত কৰিবলৈ কি কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ কেবিনেট সচিব ৰাজীৱ গৌবাৰ নেতৃত্বত অনুষ্ঠিত হয় বৈঠক।

এই কমিটীৰ আলোচনাত কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধানে জনায়, এটা নিম্নচাপ তৈয়াৰ হৈছে বংগোপসাগৰৰ ওপৰত। ৩ ডিচেম্বৰত এক শক্তিশালী ঘূৰ্ণীবতাহৰ আকাৰ ল’ব। ই অন্ধ্ৰ প্ৰদেশৰ উপকূল অতিক্ৰম কৰিব ৪ ডিচেম্বৰত। সেই সময়ত ইয়াৰ গতিবেগ হ’ব পাৰে ৯০ৰ পৰা ১০০ কিলোমিটাৰ। লগতে মূষলধাৰ বৰষুণ আরু সমুদ্ৰপৃষ্ঠত প্ৰবল ঢৌৰ উঠাৰ সম্ভাৱনা আছে। ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশৰ উপকূলত এই প্ৰাকৃতিক দুৰ্যোগ দেখা যাব। ঘূৰ্ণীবতাহ মূলত প্ৰভাৱ পেলাব শ্ৰীকাকুলাম, বিশাখাপট্টনম আৰু বিজয়নগৰমত। ইয়াৰ উপৰি ইয়াৰ প্ৰভাৱ পৰিব গাংগেয় পশ্চিম বংগত। দক্ষিণ বংগত প্ৰবল বৃষ্টিপাত হ’ব পাৰে এই দুৰ্যোগৰ ফলত।

এই কমিটীৰ বৈঠকত উপস্থিত আছিল অন্ধ্ৰ প্ৰদেশ, ওড়িশা, পশ্চিম বংগ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ মুখ্য সচিব আৰু উচ্চপদস্থ বিষয়ববীয়া। বৈঠকত এই ঘূৰ্ণী বতাহৰ ক্ষয়–ক্ষতি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক পৰ্যায়ত কি ব্যৱস্থা লোৱা হৈছে, তাক লৈ বিস্তাৰিতভাৱে আলোচনা কৰা হয়। যিসমূহ ৰাজ্যত ক্ষয়–ক্ষতিৰ সম্ভাৱনা আছে, তাত বৰ্তমান ৩২টা দল প্ৰেৰণ কৰা হৈছে এনডিআৰএফৰ। ইয়াৰ উপৰি প্ৰয়োজনত আৰু অতিৰিক্ত দল প্ৰেৰণ কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে। প্ৰস্তুত কৰি ৰখা হৈছে নৌবাহিনীকো।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: