হাই এলাৰ্ট! ওড়িশাৰ পৰা ৮০ কিঃমিঃ দূৰৈত ফণী, ভুৱনেশ্বৰ–কলকাতা বিমানবন্দৰ বন্ধ

ওড়িশাৰ ১০,০০০ গাওঁ আৰু ৫২খন চহৰত সৃষ্টি হৈছে তীব্ৰ উদ্বিগ্নতাৰ, যিকোনো মুহূৰ্তত কালধুমুহা ফণীয়ে খুন্দিয়াব তেওঁলোকৰ ঠাই। ইতিমধ্যে ১১লাখ ৫০হাজাৰ লোকক স্থানান্তৰিত কৰি সুৰক্ষিত স্থানলৈ নিয়া হৈছে।

news18assam
Updated:May 4, 2019, 12:05 AM IST
হাই এলাৰ্ট! ওড়িশাৰ পৰা ৮০ কিঃমিঃ দূৰৈত ফণী, ভুৱনেশ্বৰ–কলকাতা বিমানবন্দৰ বন্ধ
ওড়িশাৰ ১০,০০০ গাওঁ আৰু ৫২খন চহৰত সৃষ্টি হৈছে তীব্ৰ উদ্বিগ্নতাৰ, যিকোনো মুহূৰ্তত কালধুমুহা ফণীয়ে খুন্দিয়াব তেওঁলোকৰ ঠাই। ইতিমধ্যে ১১লাখ ৫০হাজাৰ লোকক স্থানান্তৰিত কৰি সুৰক্ষিত স্থানলৈ নিয়া হৈছে।
news18assam
Updated: May 4, 2019, 12:05 AM IST
ঘূৰ্ণী বতাহ ফণী ওড়িশাৰ দিশলৈ অতি বেগেৰে আহি আছে। বৰ্তমান এই বতাহজাকৰ গতি ঘণ্টাত ২৩কিলোমিটাৰ। আজি দুপৰীয়াৰ ভাগলৈ ফণীয়ে ওড়িশাৰ উপকূলত খুন্দা মাৰিব বুলি ধাৰণা কৰা হৈছিল যদিও বৰ্তমান অনুমান কৰা হৈছে যে পুৱা দহ বজাৰ ভিতৰত ফণী পুৰীৰ গোপালপুৰ আহি পাব। এই ফণী ঘূৰ্ণী বতাহে ওড়িশাৰ লগতে তামিলনাডু আৰু পশ্চিমবংগ আক্ৰান্ত কৰাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰই দিছিল।

ঘূৰ্ণী বতাহ ফণীৰ আওতাত ওড়িশাৰ গঞ্জাম, গজপতি, খুৰ্দা, পুৰী তথা জগতসিংহপুৰ, কেন্দ্ৰপাৰা, ভদ্ৰক, জজপুৰ আৰু বালাচোৰ সহিতে ওড়িশাৰ কেইবাখনো উপকূলৱৰ্তী জিলা আহিব পাৰে। পশ্চিম বংগৰ পূৱ আৰু পশ্চিম মেদিনীপুৰ, দক্ষিণ আৰু উত্তৰ ২৪ পৰগণা, হাওৰা, হুগলী, ঝাৰগ্ৰাম আৰু কলকাতাৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম, শ্ৰীকাকুলম আৰু বিজয়নগৰম জিলা ফণীৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ আশংকা।

ফণীৰ বাবে কমেও ১০,০০০ গাওঁ আৰু ৫২খন চহৰ প্ৰভাৱিত হ’ব। ৰাজ্য চৰকাৰে শুকুৰবাৰে ১৫খন জিলাৰ নামনি ঠাইৰ ১১লাখতকৈও অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে। ঘূৰ্ণীবতাহৰ কাৰণে বহুকেইটা উপকূলৱৰ্তী এলেকাত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগৰ পৰা প্ৰৱল বৰষুণ দি আছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ফণী ঘণ্টাত ১৭৫–১৮৫কিলোমিটাৰ বেগলৈকে বব পাৰে আৰু এই বেগ ২০৫ কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি পাব পাৰে।

ৰে’ল আৰু বায়ুসেৱা স্থগিত

কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা ভুৱনেশ্বৰৰ পৰা বিমানৰ উৰণ অস্থায়ীভাৱে বাতিল কৰা হৈছে। আজি পুৱাৰে পৰা ভুৱনেশ্বৰ–কলকাতা বিমানবন্দৰ বন্ধ হৈ আছে। ৰে’লেৱেও ওড়িশাৰ পৰা ৰে’লৰ যাতায়ত অস্থায়ী ৰূপত বন্ধ কৰি দিছে।

ৰে’লৱেই বৃহস্পতিবাৰে কৈছিল যে ঘূৰ্ণীবতাহ ফণীৰ কাৰণে কলকাতা–চেন্নাই পথৰ ওড়িশাৰ উপকূলৰ প্ৰায় ২২৩খন ৰে’ল বাতিল কৰা হৈছে। আৱদ্ধ যাত্ৰীসকলৰ উদ্ধাৰ কৰিবলৈ তিনিখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে। বাতিল কৰা ৰে’লসমূহৰ ভিতৰত১৪০খন মেইল এক্সপ্ৰেছ আৰু ৮৩খন যাত্ৰী কঢ়িয়াই নিয়া ৰে’ল আছে। ৯খন ৰে’লৰ গতিপথ সলনি কৰা হৈছে আৰু চাৰিখন অন্য ৰে’লৰ যাত্ৰা আদবাটতে সমাপ্ত কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি