ওড়িশাৰ সাগৰৰ পাৰত খুন্দা 'ফণী'ৰ, ঘণ্টাত ১৭৫–১৮০কিলোমিটাৰ বেগত বলিছে বতাহ

২০বছৰত ওড়িশাত খুন্দা মৰা ফণী আটাইতকৈ ভয়াৱহ ঘূৰ্ণী বতাহ।

news18
Updated:May 4, 2019, 12:03 AM IST
ওড়িশাৰ সাগৰৰ পাৰত খুন্দা 'ফণী'ৰ, ঘণ্টাত ১৭৫–১৮০কিলোমিটাৰ বেগত বলিছে বতাহ
২০বছৰত ওড়িশাত খুন্দা মৰা ফণী আটাইতকৈ ভয়াৱহ ঘূৰ্ণী বতাহ।
news18
Updated: May 4, 2019, 12:03 AM IST
ঘূৰ্ণীবতাহ ফণীয়ে ওড়িশাৰ সাগৰৰ তীৰত খুন্দা মৰা আৰম্ভ কৰিছে। ঘণ্টাত ১৭৫–১৮০ কিলোমিটাৰ বেগত বতাহ বলিছে। দুপৰীয়া ভাগলৈ এই প্ৰভাৱ থাকিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ অনুসৰি পশ্চিম বংগ হৈ এই ঘূৰ্ণীবতাহ বাংলাদেশলৈ যাব। পশ্চিম বংগৰ সাগৰৰ পাৰতো সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। ২০বছৰত ওড়িশাত খুন্দা মৰা ফণী আটাইতকৈ ভয়ানক ঘূৰ্ণীবতাহ। সষ্টম হৈ আছে এনডিআৰএফ, এছডিআৰএফ।

ইফালে ৰে’ল যাতায়ত আৰু বিমানসেৱা ব্যাহত হোৱাৰ ফলত ওড়িশাত আৱদ্ধ হৈ পৰিছে অসমৰ এটা তীৰ্থযাত্ৰীৰ দল। জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে গৈছিল দলটো। ঘূৰ্ণী বতাহ ফণীৰ বাবে বহুকেইখন ৰে’ল বাতিল কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি