ওড়িশাত বিভীষিকা, আহি পালে কাল ধুমুহা ‘ফণী’

প্ৰতিঘণ্টাত ১৭৫ কিলোমিটাৰ বেগত অহা ‘ফণী’য়ে খুন্দা মাৰিলে ওড়িশাক। ‘ফনী’ৰ ফলত প্ৰভাৱ পৰিছে ৰাজ্যখনৰ প্ৰায় ১০ হাজাৰ গাঁও আৰু ৫২খন চহৰত। ঠায়ে ঠায়ে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ।


Updated:May 3, 2019, 11:59 PM IST

Updated: May 3, 2019, 11:59 PM IST
প্ৰতিঘণ্টাত ১৭৫ কিলোমিটাৰ বেগত অহা ‘ফণী’য়ে খুন্দা মাৰিলে ওড়িশাক। ‘ফণী’ৰ ফলত প্ৰভাৱ পৰিছে ৰাজ্যখনৰ প্ৰায় ১০ হাজাৰ গাঁও আৰু ৫২খন চহৰত। ঠায়ে ঠায়ে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। ৰাজপথত উভালি পৰিছে গছ, উদ্ধাৰ কৰিবলৈ যোৱা প্ৰশাসনৰ লোকৰ গাড়ী যোৱাত যাতে কিছু সুবিধা হয় তাৰ বাবে স্থানীয় একাংশ লোকে পথৰ পৰা আঁতৰ কৰিছে গছ। ওড়িশাৰ উপকূলৱৰ্তী অঞ্চলত ইতিমধ্যে হাই এলাৰ্ট জাৰি। প্ৰতিটো স্থানতে তত্পৰ হৈ আছে প্ৰশাসন, উদ্ধাৰকাৰীৰ দল। NDRFৰ ১০০টা দল মোতায়েন। বিপদজনক স্থানৰ প্ৰায় ১১ লাখ লোকক স্থানান্তৰিত কৰা হৈছে সুৰক্ষিত স্থানলৈ। আৰু এইসকল লোকক থাকিবৰ বাবে ইতিমধ্যে স্থাপন কৰিছে ৫০০ৰো অধিক আশ্ৰয় শিবিৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি