ওড়িশাৰ পৰিস্থিতি এতিয়া কেনে? চাওক শেহতীয়া খবৰ

ক্ৰমাৎ সুস্থিৰ হৈছে ওড়িশাৰ পৰিস্থিতি। ৰাজ্যখনত হ্ৰাস পাইছে কাল ধুমুহা ‘ফণী’ৰ গতিবেগ।

news18assam
Updated:May 4, 2019, 11:15 AM IST
ওড়িশাৰ পৰিস্থিতি এতিয়া কেনে? চাওক শেহতীয়া খবৰ
ক্ৰমাৎ সুস্থিৰ হৈছে ওড়িশাৰ পৰিস্থিতি। ৰাজ্যখনত হ্ৰাস পাইছে কাল ধুমুহা ‘ফণী’ৰ গতিবেগ।
news18assam
Updated: May 4, 2019, 11:15 AM IST
সংহাৰী ‘ফণী’ৰ ফলত বিধ্বস্ত ওড়িশা। শুকুৰবাৰে বিধ্বংসী ৰূপ ধাৰণ ৰাজ্যখনত। ক্ৰমাৎ সুস্থিৰ হৈছে ওড়িশাৰ পৰিস্থিতি। এতিয়া শংকিত হোৱাৰ কাৰণ নাই ওড়িশাত। ৰাজ্যখনত হ্ৰাস পাইছে কাল ধুমুহা ‘ফণী’ৰ গতিবেগ। বালাদেশলৈ গতি কৰিছে সংহাৰী ‘ফণী’য়ে। ওড়িশাৰ আলিপুৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এই তথ্য। শুকুৰবাৰে ২৫০ কিলোমিটাৰ বেগত অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ওড়িশাৰ বিভিন্ন ঠাইত। সংহাৰী ‘ফণী’ৰ ফলত ওড়িশাত ১০জনৰ মৃত্যুৰ খবৰ, ১৬০জনৰো অধিক আঘাতপ্ৰাপ্ত। ধ্বংস হ’ল পুৰীৰ আৰক্ষী অধীক্ষকৰ বাসভৱন, ভাঙিল ঘৰ, টাৱাৰ, পেট্ৰ’ল পাম্প। ঠায়ে ঠায়ে উভালি পৰে প্ৰকাণ্ড গছ, ধুমুহাই বগৰাই পেলায় বাহন। ওড়িশাৰ পিছতে পশ্চিমবংগতো ‘ফণী’ৰ তাণ্ডৱলীলা। বিয়লি ভাগত প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা। তত্পৰ হৈ পৰিছে প্ৰশাসন। ৰাজ্যখনত কৰ্তন কৰ দিয়া হৈছে বিদ্যুৎ সংযোগ। ৪৫ হাজাৰৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তিৰত কৰে প্ৰশাসনে। ঝাৰখণ্ড আৰু বিহাৰতো প্ৰভাৱ পৰে কাল ধুমুহা ‘ফণী’ৰ।

আৰু চাওক পৰৱৰ্তী বাতৰি