বংগোপ সাগৰত বুলবুলৰ তাণ্ডৱ, ওড়িশা,পশ্চিম বংগৰ উপকূলীয় অঞ্চলত ক্ষতিসাধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ফোন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈছে।

News18-Assam
Updated:November 10, 2019, 3:33 PM IST
বংগোপ সাগৰত বুলবুলৰ তাণ্ডৱ, ওড়িশা,পশ্চিম বংগৰ উপকূলীয় অঞ্চলত ক্ষতিসাধন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ফোন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈছে।
News18-Assam
Updated: November 10, 2019, 3:33 PM IST
বংগোপ সাগৰত বুলবুলৰ তাণ্ডৱ। বুলবুলৰ তাণ্ডৱত উৰিষ্যা, পশ্চিম বংগৰ উপকূলীয় অঞ্চলত ক্ষতিসাধন। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পশ্চিম বংগত বা–মাৰলীৰ তাণ্ডৱ অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।  বা–মাৰলীৰ তাণ্ডৱত এতিয়া আতংকিত হৈ পৰিছে উপকূলবাসী। ওড়িশাৰ ভদ্ৰক, জগতসিংপুৰ, কেন্দ্ৰপাৰা, বালাচ’ৰ, পুৰী, কটক, খুদ্ৰাত বা–মাৰলীৰ প্ৰভাব পৰাৰ আশংকা অধিক।

ইতিমধ্যে ৰাজ্য চৰকাৰে নিয়োজিত কৰিছে ODRAF, NDRF বাহিনী। ২০ ODRAF, ৬ NDRFৰ দল আৰু ৫০০০কৈ অধিক লোক নিয়োজিত কৰিছে চৰকাৰে। পশ্চিম বংগৰ ২৪ পৰগনা জিলাতো বুলবুলৰ প্ৰভাৱ। কলকাতাত ইতিমধ্যে বন্ধ কৰা হৈছে ফেৰী সেৱা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ফোন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি