ভাৰতৰ বাংগালুৰুৰ ঘটনা। মাত্ৰ ৪০ পইচাৰ ইফাল–সিফালৰ বাবে ফল ভোগ কৰিবলগীয়া হৈছে এগৰাকী হোটেল ব্যৱসায়ীয়ে। বিলত ৪০ পইচা বেছিকৈ ৰখাৰ বাবে এতিয়া উপভোক্তা আয়োগৰ দ্বাৰস্থ হ'বলগীয়া হৈছে তেওঁ। হোটেল মালিকজনে একাউণ্টৰ সৈতে মিলাবলৈ এনে কৰা বুলি উল্লেখ কৰিছে, যিটো সাধাৰণতে কম–বেছি পৰিমাণে সকলোতে হয়। কেতিয়াবা ব্যৱসায়ীয়ে এৰি দিয়ে আৰু কেতিয়াবা গ্ৰাহকে।
কিন্তু ব্যৱসায়ীগৰাকীৰ ভাগ্য আছিল বেয়া, তেওঁ এগৰাকী বিশেষ গ্ৰাহকৰ বিল একাউণ্ট মিলাবলৈ ৪০ পইচা বেছিকৈ ল'লে, যিয়ে দি দিলে গোচৰ। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি মতে, মার্চ মাহত টি নৰসিমহা মূৰ্থী নামৰ লোকজনে বেংগালুৰুৰ ইনফেনট্ৰী ৰোডৰ এখন হোটেলত গৈছিল। পেছাত উকীল মূৰ্থীয়ে হোটেলখনত ২৬৪ টকা ৬০ পইচা খৰচ কৰিছিল। কিন্তু তেওঁৰ বিল আহে ২৬৫ টকা। তেওঁ হোটেলৰ মেনেজাৰৰ ওচৰলৈ গৈ কিয় ৪০ পইচা অধিক লয় সোধে। কিন্তু নিমিলিল সন্তোষজনক উত্তৰ।
অৱশেষত কনজুমাৰ আয়োগৰে যোগাযোগ কৰে আৰু তাত উপভোক্তা অধিকাৰ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে। নৰসিংহ মূৰ্থীয়ে কয় যে যদি হোটেলখনে এনেদৰে প্ৰতি বিলত ৪০ৰ পৰা ৫০ পইচা অধিক লয়, তেন্তে সাধাৰণ গ্ৰাহকসকলক প্ৰতাৰণা কৰি বছৰত লাখ লাখ টকা উপাৰ্জন কৰিব।
ইফালে, ঘটনাটোত চক খোৱা ব্যৱসায়ীগৰাকীয়ে বিলৰ পৰিমাণত টকা বেছিকৈ লোৱাৰ আঁৰত মানুহক প্ৰতাৰণা কৰাৰ উদ্দেশ্য নাছিল বুলি কয়। কিন্তু যি নহওক উকীল গ্ৰাহকে কথাটোৰ ন্যায় বিচৰাত যোৱা শুক্ৰবাৰে শুনানি হয়। চূড়ান্ত ৰায়দান হোৱা নাই যদিও পৰৱৰ্তী শুনানি ২০ আগষ্ট ধাৰ্য কৰা হয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|