Petrol Diesel Prices To Shoot Up: আগন্তুক হোলীৰ সময়ত দেশবাসীৰ ওপৰত পৰিব পাৰে মূল্যবৃদ্ধিৰ মাধমাৰ। পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধিৰ বাবে সাজু হওক। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত আৰু যুদ্ধৰ প্ৰভাৱৰ বাবে খাৰুৱা তেলৰ দাম ঊৰ্ধ্বমুখী হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেপ্টেম্বৰ ২০১৪ৰ পিছত সৰ্বোচ্চ স্তৰত উপনীত হৈছে খাৰুৱা তেলৰ দাম। মঙলবাৰে কেচা তেলৰ দাম ৯৭ ডলাৰ প্ৰতি বেৰেল হৈছে আৰু শীঘ্ৰে ই ১০০ ডলাৰ স্পৰ্শ কৰাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
আৰু ব্যয়বহুল হ’ব খাৰুৱা তেল
খাৰুৱা তেলৰ দামে আকাশ চুইছে। নতুন বছৰ ২০২২ত খাৰুৱা তেলৰ দামত ২০ শতাংশৰো অধিক বৃদ্ধি হৈছে। বিগত দুটা মাহত ধাৰাবাহিকভাৱে খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ১ ডিচেম্বৰ ২০২১ত খাৰুৱা তেলৰ দাম ৬৮.৮৭ ডলাৰ প্ৰতি বেৰেলত আছিল। এতিয়া ৯৮ ডলাৰ প্ৰতি বেৰেল হৈছেগা। অৰ্থাৎ ডেৰ মাহত খাৰুৱা তেলৰ দাম ৪০ শতাংশ বৃদ্ধি পাইছে।
পেট্ৰ’ল–ডিজেলৰ দামত হোৱা নাই সালসলনি
অৱশ্যে দেশত পেট্ৰ’ল আৰু ডিজেলৰ দামৰ সালসলনি হোৱা নাই। ৪ নৱেম্বৰ ২০২১ৰ পিছত পেট্ৰ’ল–ডিজেলৰ দামৰ সালসলনি হোৱা নাই। আচলতে দেশত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন চলি আছে আৰু ১০ মাৰ্চত ফলাফল ওলাব। অনুমান কৰা হৈছে যে নিৰ্বাচনত লোকচান হোৱাৰ আশংকা কৰি তেল কোম্পানীসমূহে খাৰুৱা তেলৰ দাম বৃদ্ধি কৰাৰ পিছতে চৰকাৰৰ হেঁচাত পেট্ৰ’ল–ডিজেলৰ দামৰ কোনো পৰিৱৰ্তন কৰা নাই।
১০০ ডলাৰ পাৰ হ’ব খাৰুৱা তেল
নিৰ্বাচনৰ পিছত চৰকাৰী তেল কোম্পানীসমূহে ঘাটি পূৰণ কৰিবলৈ নিশ্চয় দাম বৃদ্ধি কৰিব। কিন্তু সমস্যা ইমানতে শেষ হোৱা নাই, কিয়নো খাৰুৱা তেলৰ দামৰ ওপৰত নজৰ ৰখা আন্তঃৰাষ্ট্ৰীয় ৰিছাৰ্চ এজেন্সীৰ মতে, কেঁচা তেলৰ দাম আৰু বৃদ্ধি পাব পাৰে। Goldman Sachs–এ কৈছিল যে ২০২২ত খাৰুৱা তেলৰ দাম ১০০ ডলাৰ প্ৰতি বেৰেল চুব পাৰে আৰু এই ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হোৱাৰ দিশে। আনহাতে, JP Morgan–এ ২০২২ত ১২৫ ডলাৰ প্ৰতি বেৰেল আৰু ২০২৩ত ১৫০ ডলাৰ প্ৰতি বেৰেললৈ দাম উঠিব পাৰে বুলি ভৱিষ্যদ্বাণী কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|