உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Assam-Mizoram Border Clash : এতিয়াৰ পৰা বিবাদিত ভূমিত টহল দিব কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীয়ে, আঁতৰি আহিব অসম আৰু মিজোৰাম আৰক্ষী

    Assam-Mizoram Border Clash : এতিয়াৰ পৰা বিবাদিত ভূমিত টহল দিব কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীয়ে, আঁতৰি আহিব অসম আৰু মিজোৰাম আৰক্ষী

    দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ উপস্থিতিত অসম আৰু মিজোৰামৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

    দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ উপস্থিতিত অসম আৰু মিজোৰামৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

    দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ উপস্থিতিত অসম আৰু মিজোৰামৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

    • Share this:
    ২৬ তাৰিখে অসম আৰু মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পিছত এতিয়া সেই স্থানত মোতায়েন কৰা হ’ব কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী, আঁতৰি আহিব অসম আৰু মিজোৰাম আৰক্ষী। মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে,  বিতৰ্কিত ভূমিৰ চাৰি কিলোমিটাৰ পৰিসৰত টহল দিব Central Reserve Police Forcesৰ জোৱানে। বিবাদমান  ভূমি খণ্ডক দুইখনৰ ৰাজ্যৰ মাজৰ এক প্ৰকাৰ ‘No Men's Land' হিচাপে গণ্য কৰা হ’ব। দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাৰ উপস্থিতিত অসম আৰু মিজোৰামৰ মুখ্য সচিব তথা আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত হোৱা এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

    News18ৰ হাতত পৰা দুই ৰাজ্যৰ মুখ্য সচিবৰ স্বাক্ষৰিত সেই বুজাবুজি পত্ৰত দুই ৰাজ্যৰ চৰকাৰ শান্তিপূৰ্ণভাৱে সমাধান বিচাৰি আলোচনাত মিলিত হ’ব বুলিও উল্লেখ আছে। পত্ৰখনত গৃহ মন্ত্ৰণালয়ৰ দায়িত্বত থকা উত্তৰ–পূবৰ যুটীয়া সচিব পীয়ুষ গয়ালেও স্বাক্ষৰ কৰিছে। পত্ৰখনত কোৱা হৈছে – Neutral Forces অৰ্থাৎ কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱানে ৰাষ্ট্ৰীয় ঘাইপথ ৩০৬ত লাগি থকা অসম আৰু মেঘালয় সীমান্তৰ অশান্ত অঞ্চল পহৰা দিব। আনহাতে Neutral Forceৰ সেই অঞ্চলত টহল সুচল কৰিবলৈ দুইখন চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সহযোগত পদক্ষেপ গ্ৰহণ কৰিব। বুজাবুজি পত্ৰত দুইখন চৰকাৰে শান্তিপূৰ্ণ ভাৱে সীমা বিবাদ নিষ্পত্তি কৰাৰ স্বাৰ্থত আলোচনাত মিলিত হ’ব বুলিও উল্লেখ আছে।

    বৈঠকত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মিজোৰামৰ মুখ্য সচিব Lalnunmaiwa Chuaungo, আৰক্ষী সঞ্চালক প্ৰধান SBK Singh উপস্থিত থকাৰ উপৰিও Central Reserv Police Forces সঞ্চালক প্ৰধান কুলদীপ সিং উপস্থিত থাকে।
    Published by:Sanjay Kumar Das
    First published: