CRPFৰ কনিষ্টবল খুচবু চৌহানৰ উদাত্ত ভাষণে কঁপাইছে দেশ, সেনাৰ ওপৰত প্ৰশ্ন তোলাসকলক উচিত প্ৰত্যুত্তৰ

‘সন্ত্ৰাসবাদীৰ ৰাইফলৰ পৰা ওলোৱা গুলীয়ে সেয়া নিৰ্ণয় কৰিব নালাগে যে সেইটো ক’ত গৈ লাগিব, কিন্তু আমাৰ ৰাইফলৰ পৰা ওলোৱা প্ৰতিটো গুলীয়ে এয়া নিৰ্ণয় ল’ব লাগে যে সেয়া কোনো দোষীৰ গাত লাগক বা নালাগক কিন্তু কোনো নিৰ্দোষীৰ গাত যাতে নালাগে।’

News18-Assam
Updated:October 4, 2019, 12:10 PM IST
CRPFৰ কনিষ্টবল খুচবু চৌহানৰ উদাত্ত ভাষণে কঁপাইছে দেশ, সেনাৰ ওপৰত প্ৰশ্ন তোলাসকলক উচিত প্ৰত্যুত্তৰ
‘সন্ত্ৰাসবাদীৰ ৰাইফলৰ পৰা ওলোৱা গুলীয়ে সেয়া নিৰ্ণয় কৰিব নালাগে যে সেইটো ক’ত গৈ লাগিব, কিন্তু আমাৰ ৰাইফলৰ পৰা ওলোৱা প্ৰতিটো গুলীয়ে এয়া নিৰ্ণয় ল’ব লাগে যে সেয়া কোনো দোষীৰ গাত লাগক বা নালাগক কিন্তু কোনো নিৰ্দোষীৰ গাত যাতে নালাগে।’
News18-Assam
Updated: October 4, 2019, 12:10 PM IST
খুচবু চৌহান নামৰ এগৰাকী চি আৰ পি এফৰ কনিষ্টবলৰ উদাত্ত ভাষণ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’ত খচবুৱে দেশৰ প্ৰতি থকা অনুভৱ, মনৰ ক্ষোভ উদাত্ত ভাষণত প্ৰকাশ কৰা দেখা গৈছে। কিন্তু কোন এই খুচবু, যাৰ ভাষণ এতিয়া ছচিয়েল মিডিয়াত হিট।

চি আৰ পি এফৰ ২৩৩ বেটেলিয়নৰ কনিষ্টবল খচবুৱে মানৱ অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি কয় যে সন্ত্ৰাসবাদীৰ ৰাইফলৰ পৰা ওলোৱা গুলীয়ে সেয়া নিৰ্ণয় কৰিব নালাগে যে সেইটো ক’ত গৈ লাগিব, কিন্তু আমাৰ ৰাইফলৰ পৰা ওলোৱা প্ৰতিটো গুলীয়ে এয়া নিৰ্ণয় ল’ব লাগে যে সেয়া কোনো দোষীৰ গাত লাগক বা নালাগক কিন্তু কোনো নিৰ্দোষীৰ গাত যাতে নালাগে।

জানিব পৰা মতে, ২৭ ছেপ্টেম্বৰত দিল্লীৰ অনুষ্ঠিত ইণ্ডো–টিবেটান বৰ্ডাৰ পুলিচৰ দ্বাৰা ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তত্বাৱধানত এক তৰ্ক প্ৰতিযোগিতাত অংশ লৈছিল খুচবুৱে। তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল ‘মানৱ অধিকাৰৰ পালন কৰি দেশত সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ মোকাবিলা কৰিব পৰা যায়’। এই প্ৰতিযোগিতাখন বিপিআৰএণ্ডডি নতুন দিল্লীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল।

প্ৰতিযোগিতাত খুচবুৱে দিয়া ভাষণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে। ভিডিঅ’টোত খুচবুৱে জে এন ইউৰ ছাত্ৰক লৈও নিজৰ মত ব্যক্ত কৰে। খচবুৱে কয় – আজি মানৱ অধিকাৰৰ বাবে আমাৰ দেশৰ জোৱানে ইমানে ভীতিগ্ৰস্ত যে জোৱানসকলে কৰ্তব্যত থাকিও সিদ্ধান্ত ল’বলৈ ভয় কৰে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি