কোৰোণাত মৃত্যু হোৱা লোকৰ আধা জ্বলা মৃতদেহ শ্মশানৰ পৰা ওভতাই আনিবলগীয়া হ’ল পৰিয়ালে

News18 Assam | News18-Assam
Updated:June 3, 2020, 10:55 AM IST
কোৰোণাত মৃত্যু হোৱা লোকৰ আধা জ্বলা মৃতদেহ শ্মশানৰ পৰা ওভতাই আনিবলগীয়া হ’ল পৰিয়ালে
অন্তিম সংস্কাৰ কৰিবলৈ যোৱা পৰিয়াল আৰু প্ৰশাসনৰ লোকৰ ওপৰত স্থানীয় একাংশ লোকে শিল–লাঠিৰে আক্ৰমণ কৰে।

অন্তিম সংস্কাৰ কৰিবলৈ যোৱা পৰিয়াল আৰু প্ৰশাসনৰ লোকৰ ওপৰত স্থানীয় একাংশ লোকে শিল–লাঠিৰে আক্ৰমণ কৰে।

  • Share this:
কোৰোণা ভাইৰাছক লৈ জনসাধাৰণ ইমানেই শংকিত হৈ পৰিছে যে এই ভাইৰাছত সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰতো বিৰোধিতা কৰা দেখা গৈছে। জম্মু–কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হৈছে এনে এক ঘটনা। কোৰোণাত আক্ৰান্ত হৈ এজন বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ অন্তিম সংস্কাৰত স্থানীয় লোকে বাধা প্ৰদান কৰে। অন্তিম সংস্কাৰ কৰিবলৈ যোৱা পৰিয়াল আৰু প্ৰশাসনৰ লোকৰ ওপৰত স্থানীয় একাংশ লোকে শিল–লাঠিৰে আক্ৰমণ কৰে। যাৰ ফলত চিটাৰ পৰা আধা জ্বলা মৃতদেহ ওভতাই আনিবলগীয়া হয়।

পিটিআইৰ খবৰ অনুসৰি, পিছত প্ৰশাসনৰ উপস্থিতিত গোল গাঁৱৰ শ্মশানঘাটত লোকজনৰ অন্তিম সংস্কাৰ সম্পন্ন কৰা হয়। অৱশ্যে আৰক্ষী–প্ৰশাসনে এই ঘটনা অস্বীকাৰ কৰিছে।

মৃতকৰ পৰিয়ালৰ মতে, ৭২ বছৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ সোমবাৰে জিএমচি জম্মুত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল। মঙলবাৰে এজন ৰাজহ বিষয়া আৰু স্বাস্থ্য বিভাগৰ দলৰ সৈতে পুৱা ৬.৩০ বজাত এম্বুলেঞ্চেৰে দোমানালৈ লৈ যোৱা হয় মৃতদেহটো। এম্বুলেঞ্চত মৃতকৰ সৈতে দুই পুত্ৰ, পত্নী আৰু আন একাংশ লোক আছিল। সকলোকে পিপিই কিটসহ আন প্ৰয়োজনীয় সুৰক্ষামূলক সামগ্ৰী প্ৰদান কৰা হৈছিল।

শ্মশানঘাটত অন্তিম সংস্কাৰ চলি থকাৰ সময়তে উক্ত স্থানত স্থানীয় লোকসকল সমবেত হয় আৰু সেই স্থানত অন্তিম সংস্কাৰৰ বিৰোধিতা কৰে। একাংশ লোকে পৰিয়াল আৰু স্বাস্থ্য কৰ্মীলৈ লক্ষ্য কৰি শিল–লাঠিৰে আক্ৰমণ কৰে। যাৰ ফলত মৃতদেহটো আধা জ্বলা অৱস্থাতে পুনৰ জিএমচিলৈ ওভতাই আনিবলগীয়া হয়।

মৃত লোকজনৰ পুত্ৰই কয়, আমি আমাৰ গৃহ জিলাত অন্তিম সংস্কাৰ কৰাৰ বাবে চৰকাৰৰ পৰা অনুমতি বিচাৰিছিলো, কিন্তু স্বাস্থ্য বিষয়াই জনাইছিল যে য’ত মৃত্যু হৈছে তাতেই অন্তিম সংস্কাৰৰ ব্যৱস্থা কৰা হ’ব। পৰিয়ালৰ অভিযোগ যে ঘটনাস্থলীত উপস্থিত সুৰক্ষা কৰ্মীয়েও তেওঁলোকক সহায় নকৰিলে। ঘটনাস্থলীত আছিল দুজন সুৰক্ষা কৰ্মী। পিছত প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত সম্পন্ন কৰা হয় অন্তিম সংস্কাৰ।

First published: June 3, 2020, 10:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি