ৰাজপথতে দুৰ্বৃত্তই চলালে ২৫ জাঁই গুলী, ১০ জাঁই গুলী বুকুত লৈ মৃত্যুক সাবটিলে কালেই

প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰায় ১০জনীয়া দুৰ্বৃত্তৰ এটা দলে হত্যা কৰে লোকজনক।

News18-Assam
Updated:September 8, 2019, 12:49 PM IST
ৰাজপথতে দুৰ্বৃত্তই চলালে ২৫ জাঁই গুলী, ১০ জাঁই গুলী বুকুত লৈ মৃত্যুক সাবটিলে কালেই
প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰায় ১০জনীয়া দুৰ্বৃত্তৰ এটা দলে হত্যা কৰে লোকজনক।
News18-Assam
Updated: September 8, 2019, 12:49 PM IST
নতুন দিল্লীৰ নৰেলাত দিন দুপৰতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। অজ্ঞাত দুৰ্বৃত্তই বীৰেন্দ্ৰ মান ওৰফে কালে নামৰ লোকজনলৈ লক্ষ্য কৰি ৰাজপথতে চলালে ২৫ জাঁই গুলী। ইয়াৰ ভিতৰত ১০ জাঁই গুলী লোকজনৰ বুকু ভেদি যায়। ততাতৈয়াকৈ লোকজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

আৰক্ষীৰ সূত্ৰ মতে, যিজন লোকলৈ লক্ষ্য কৰি গুলীচালনা কৰা হৈছে তেওঁৰ বিৰুদ্ধে আছে ১৪টা গোচৰ। লগতে নগৰ নিগম নিৰ্বাচনতো অৱতীৰ্ণ হৈছিল লোকজন। পাৰস্পৰিক বিবাদৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আক্ৰমণকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। প্ৰত্যক্ষদৰ্শীৰ মতে, প্ৰায় ১০জনীয়া দুৰ্বৃত্তৰ এটা দলে হত্যা কৰে লোকজনক।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি